কম সংখ্যক ভোটৰ ব্যৱধানত জয়ী হোৱা অসমৰ ৩ প্ৰাৰ্থী

কম সংখ্যক ভোটৰ ব্যৱধানত জয়ী হোৱা অসমৰ ৩ প্ৰাৰ্থী

ডিজিটেল ডেস্কঃ অসমৰ ১৪ খন আসনৰ ভিতৰত ৯ খন আসনত বিজয় সাব্যস্ত কৰাৰ পাছত সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিজেপি কৰ্মীসকলৰ মাজতো দেখা গৈছে উৎসৱমুখৰ পৰিৱেশ। কিন্তু ইয়াৰ মাজতে নগাঁও লোকসভা সমষ্টিত অতি কম সংখ্যক ভোটত পৰাজয় বৰণ কৰে বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাই।

কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ সৈতে তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱা এই সমষ্টিটোত ৰূপক শৰ্মাই লাভ কৰে ৭২০৭২৭টা ভোট। আনহাতে প্ৰদ্যুৎ বৰদলৈয়ে লাভ কৰে ৭৩৮৮৮১টা ভোট। এই দুই প্ৰাৰ্থীৰ মাজত ভোটৰ ব্যৱধান হৈছে মাত্ৰ ১৬৭৫২টা।

আনহাতে কম সংখ্যক ভোটৰ ব্যৱধানত জয়ী হোৱা আন এটা সমষ্টি হৈছে কোকৰাঝাৰ। বিপিএফৰ প্ৰাৰ্থী প্ৰমিলাৰাণী ব্ৰহ্মতকৈ ৩৭৭৮৬টা ভোটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰে নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়াই। সমষ্টিটোত নৱ শৰণীয়াই লাভ কৰা ভোটৰ সখ্যা হৈছে ৪৮৪৫৬০টা। আনহাতে প্ৰমিলাৰাণী ব্ৰহ্মই লাভ কৰিছে ৪৪৬৭৭৪টা ভোট।

কম সংখ্যক ভোটৰ ব্যৱধানত জয়লাভ কৰা আন এটা সমষ্টি হৈছে কৰিমগঞ্জ। সমষ্টিটোত এআইইউডিএফৰ প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাসৰ বিৰুদ্ধে ৩৮৩৮৯টা ভোটৰ ব্যৱধানত জয়লাভ কৰে বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লাই। সমষ্টিটোত বিজেপি প্ৰাৰ্থীগৰাকীয়ে লাভ কৰে ৪৭৩০৪৬টা ভোট। আনহাতে ৰাধেশ্যাম বিশ্বাসে লাভ কৰে ৪৩৪৬৫৭ টা ভোট।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in