১৩৫ কোটি ব্যয়েৰে শিলচৰত নিৰ্মাণ হ’ব মিনি সচিবালয়, মঙলবাৰে সম্পন্ন হ’ল ভূমি পূজন

১৩৫ কোটি ব্যয়েৰে শিলচৰত নিৰ্মাণ হ’ব মিনি সচিবালয়, মঙলবাৰে সম্পন্ন হ’ল ভূমি পূজন

ডিজিটেল সংবাদ, শিলচৰঃ অৱশেষত বৰাক উপত্যকাবাসীৰ দীৰ্ঘদিনীয়া সপোন পূৰণ হোৱাৰ পথত। দীৰ্ঘ ৭০ বছৰ ধৰি পুহি ৰখা এই সপোন পূৰণ হোৱাৰ ক্ষেত্রত মঙলবাৰে এখোজ আগবাঢ়িল ৰাজ্যৰ বিজেপি চৰকাৰ। যোৱা মাৰ্চ মাহত মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে শিলচৰত আধাৰশিলা স্হাপন কৰাৰ পিচত মঙলবাৰে ভূমি পূজন সম্পন্ন কৰা হ'ল বৰাকৰ বহু আকাংক্ষিত মিনি সচিবালয়ৰ৷

মঙলবাৰে শিলচৰৰ শ্ৰীকোণাত সচিবালয়য়ৰ পকী বেৰ আৰু সীমাৰ ভূমি পূজন কৰা হয়৷ সম্পূৰ্ণ বৈদিক নীতি নিয়মেৰে ভূমি পূজা কৰে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু শিলচৰৰ সাংসদ ডাঃ ৰাজদীপ ৰয়ে৷ বৰখলা সমষ্টিৰ শ্রীকোণাত ১৩৫ কোটি টকা ব্যয়েৰে স্থাপন হ'ব লগা মিনি সচিবালয়ৰ ভূমি পূজনৰ পিচত আয়োজিত সভাত ভাষণ দি বন মন্ত্রী পৰিমল শুক্লবৈদই কয় যে, এই মিনি সচিবালয় পূৰ্ণাংগ হোৱাৰ পিচত বৰাকবাসীয়ে গাঁঠিৰ ধন ভাঙি কষ্ট কৰি আৰু দিছপুৰলৈ যাব নালাগে। সচিব পৰ্যায়ৰ পৰা সাধাৰণ সকলো কামেই এতিয়া শিলচৰতে কৰিব পৰা যাব। প্রায় দুই বছৰৰ ভিতৰত মিনি সচিবালয়ৰ কাম সম্পূৰ্ণ হ'ব বুলিও মন্ত্রী জনে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে।

গড়কাপ্তানি বিভাগে সদৰী কৰা মতে, ইতিমধ্যে মিনি সচিবালয়ৰ বাবে ১৬ বিঘা ১৫ কঠা মাটি বন্দোবস্ত কৰা হৈছে৷ অনুষ্ঠানত ভাষণ দি শিলচৰৰ সাংসদ ডাঃ ৰাজদীপ ৰয়ে কয় যে, আগতে বৰাক আৰু ব্রহ্মপুত্র উপত্যকাৰ মাজত থকা দুৰত্ব বৰ্তমান বিজেপি চৰকাৰে এক প্রকাৰ নোহোৱা কৰি পেলাইছে। চাৰি কোটি ১৬ লাখ টকা ব্যয়েৰে ভূমি পূজণ কৰা ভূমি উন্নয়ণ আৰু ৰিটেইনিং তথা সীমাৰ বেৰৰ কাম ন মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব আৰু এই কামৰ দায়িত্ব শিলচৰৰ অৰিন্দম পালৰ মালিকাধীন নিৰ্মাণ সংস্হা "আকাশ এন্টাৰপ্ৰাইজ"ৰ হাতত ন্যস্ত কৰা বুলিও উল্লেখ কৰে ডাঃ ৰাজদ্বীপ ৰয়ে।

অনুষ্ঠানত বিধানসভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰ কয় যে, বৰাকবাসীৰ বাবে আজিৰ দিনটো এক ঐতিহাসিক দিন। কাৰণ পূৰ্বৰ চৰকাৰৰ দিনত আন্দোলন কৰাৰ বিপৰীতে বিজেপি চৰকাৰৰ দিনত বিনা আন্দোলনে সকলো উন্নয়ণৰ কাম লাভ কৰিছে বৰাকবাসীয়।

অনুষ্ঠানত প্ৰাক্তন কেন্দ্রীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্হ, কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লা, বিধায়ক দিলীপ পাল, কিশোৰ নাথ, মিহিৰ কান্তি সোম, অমৰ চান্দ জৈন, সুজাম উদ্দিন চৌধুৰী, নিজাম উদ্দিন লস্কৰ, সদ্য গেৰুৱা বসন পিন্ধা গৌতম ৰয়েও ভাষণ প্রদান কৰে। অনুষ্ঠানত কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি তিনিওখন জিলাৰ উপায়ুক্ত সকলৰ লগতে বিভিন্ন বিভাগৰ চৰকাৰী বিষয়া সকল উপস্হিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in