গুৱাহাটী মহানগৰীত ক্ষুদ্ৰ বিক্ৰেটা-ক্ৰেটা সন্মিলন…

গুৱাহাটী মহানগৰীত ক্ষুদ্ৰ বিক্ৰেটা-ক্ৰেটা সন্মিলন…

ডিজিটেল ডেস্কঃ মঙ্গলবাৰে গুৱাহাটী মহানগৰৰ আমবাৰীত থকা আছাম ষ্টাৰ্টআপ হাবত ক্ষুদ্ৰ বিক্ৰেটা-ক্ৰেটা সন্মিলন অনুষ্ঠিত হয়। 'ইমাৰ্জিং ইণ্ডিয়া এক্সেলাৰেচন প্ৰগ্ৰাম ৩.০'বৈঠকখন এ আই চি সংগমে অসম ষ্টাৰ্টআপ, ইণ্ডিয়া ইনষ্টিটিউট অৱ মেনেজমেণ্ট (আই আই এম) কলিকতা ইনোভেচন পাৰ্ক আৰু চামুন্নাতিৰ সহযোগিতাত অনুষ্ঠিত কৰে।

অসমৰ লগত উত্তৰ পূবৰ প্ৰায়কেইখন ৰাজ্যৰ কৃষক উৎপাদক গোটে অংশগ্ৰহণ কৰা এই সন্মিলনত কৃষি আৰু  সংসোধিত খাদ্য  সামগ্ৰী  ৰপ্তানি উন্নয়ন প্ৰাধিকৰণৰ পৰামৰ্শদাতা  ড০ অৰ্চনা নাথ, আই.আই.এম.চি.আই.পিৰ অধ্যক্ষ প্ৰাঞ্জল কোঁৱৰ আৰু এ.আই.চি সংগমৰ ব'ৰ্ড সদস্য অনুৰাধা ভাৱনানী অতিথি হিচাপে উপস্থিত থাকে।

অনুষ্ঠানটোৰ এজন আয়োজকে অনুষ্ঠানটোৰ বিষয়ত কয়, এই  অনুষ্ঠানৰ জৰিয়তে ষ্টাৰ্টআপ আৰু  এফ.পি.অ'ৰ বাবে এখন মঞ্চ প্ৰদান কৰা আৰু তেওঁলোকক ত্বাৰাম্বিত কৰাত সহায় কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। ইয়াৰোপৰি তেওঁ কয়, এই অনুষ্ঠানে ষ্টাৰ্টআপ আৰু কৃষক উৎপাদক সংস্থাৰ মাজত যোগাযোগৰ সুবিধা প্ৰদান কৰিব।

অনুষ্ঠানৰ আৰম্ভণিতে সকলোকে সম্বোধন কৰি প্ৰাঞ্জল কোঁৱৰে কয়, এনে অনুষ্ঠানে প্ৰতিশ্ৰুতিপূৰ্ণ ষ্টাৰ্টআপ বিচাৰি উলিওৱাত সহায় কৰিব আৰু তেওঁলোকক  প্ৰতিষ্ঠা কৰাত সহায় কৰিবলৈ চেষ্টা কৰিব।

অনুষ্ঠানত উত্তৰ পূৰ্বাঞ্চলৰ বহুকেইটা ষ্টাৰ্টআপ আৰু কৃষক উৎপাদক গোটে অংশগ্ৰহণ কৰি তেওঁলোকৰ উৎপাদিত সামগ্ৰী প্ৰদৰ্শন কৰে। এই ষ্টাৰ্টআপ আৰু ৰৃষক উৎপাদক গোটসমূহৰ ভিতৰত আছিল বৰনৈ অৰ্গেনিকছ প্ৰা.লি, জৱাধু হিলছ মহিলা  উদ্যোগী ফেডাৰেচন, বিৰঙ্গনা মহিলা প্ৰডিউচাৰ কোম্পানী লিমিটেড, মোলচাং  অৰ্গেনিক পাইনেপল প্ৰডিউচাৰ  কোম্পানী লিমিটেড আদি।

অনুষ্ঠানত অংশগ্ৰহণ কৰা অসমৰ বৰনৈ অৰ্গেনিকছ প্ৰাইভেট লিমিটেডৰ প্ৰতিষ্ঠাপক গৌতম নাৰায়ণে কয় যে, বৰনৈ অৰ্গেনিকছ প্ৰাইভেট লিমিটেডে জৈৱিক খাদ্য উৎপাদনকাৰী কোম্পানীয়ে অসমৰ বাওধানৰ লগতে ক'লা ধান আদিক গুৰুত্ব প্ৰদান কৰে। তেওঁ অসমৰ বাও  ধানৰ লগত এক সংস্কৃতি জড়িত হৈ আছে বুলিও মন্তব্য কৰে। তেওঁলোক বৰ্তমান ১০০০ কৃষকৰ সংস্পৰ্শত আছে। আৰু অধিকাংশই তেওঁলোকৰ বাবে বাওধানকে ধৰি অন্যান্য থলুৱা ধানৰ উৎপাদন কৰে।  

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in