যুৱ ঠিকাদাৰ মিনন মোছাহাৰীৰ আদৰণীয় পদক্ষেপ, ওদালগুৰিৰ তিনিহেজাৰ দৰিদ্ৰ পৰিয়ালক সাহাৰ্য্য বিতৰণৰ লক্ষ্য

যুৱ ঠিকাদাৰ মিনন মোছাহাৰীৰ আদৰণীয় পদক্ষেপ, ওদালগুৰিৰ তিনিহেজাৰ দৰিদ্ৰ পৰিয়ালক সাহাৰ্য্য বিতৰণৰ লক্ষ্য

ডিজিটেল সংবাদ, ওদালগুৰিঃ মহামাৰী কোৰোনা ভাইৰাছক লৈ চলি থকা লকডাউনৰ ফলত সমগ্ৰ অসমৰ লগতে ওদালগুৰিতো বিশেষকৈ দিন হাজিৰা কৰা, সাধাৰণ ব্যৱসায় কৰা আৰু খেতিয়ককে ধৰি বহু পৰিয়ালৰ বৰ্তমান পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে। এফালে কোৰোনাৰ বিৰুদ্ধে যুঁজ আনফালে আনফানে এমুঠি অন্নৰ তাড়না। খেতিয়কৰ খেতিৰ ফচল পথাৰতে পচি যাব ধৰিছে। বিক্ৰীৰ বাবে নাই উপযুক্ত বজাৰ।

সকলো লোকে সকলো কামৰ পৰা বিৰত থাকিবলৈ বাধ্য হৈছে। যাৰ বাবে দিন হাজিৰা কৰা লোকসকলে কাম নাপাই ঘৰতে সময় পাৰ কৰিবলগীয়া হৈছে। ব্যৱসায় বন্ধ হৈ পৰাত সাধাৰণ ব্যৱসায় কৰাসকলৰ হাত খালী হৈ পৰিছে। এক প্ৰকাৰ এই শ্ৰেণীৰ লোকসকলৰ পৰিয়াল চলাই নিয়াতো অসম্ভৱ হৈ পৰিছে। এনে পৰিবেশৰ মাজতে একাংশ লোক সহায়ৰ বাবে আগবাঢ়ি অহাতো পৰিলক্ষিত হৈছে। তাৰ মাজতে ওদালগুৰিৰ এজন যুৱ ঠিকাদাৰ মিনন মোছাহাৰীয়ে হাতত লৈছে এক আদৰণীয় পদক্ষেপ।

তেখেতে ওদালগুৰি জিলা প্ৰশাসনৰ পৰা অনুমতি লৈ সম্পূৰ্ণ নিজা প্ৰচেষ্টাৰে এক হেজাৰ লোকক সম্পূৰ্ণ নীতি-নিয়মৰ মাজেৰে সামাজিক ব্যৱধান মানি চলি প্ৰতি গৰাকীকে পাঁচ কিলোগ্ৰাম চাউল, এক কিঃগ্ৰাঃ দালি, ৫০০ গ্ৰামকৈ মিঃ তেলকে ধৰি নিমখ, চেনী, চাহপাত, আলুসহ মুঠ ১১ বিধ খাদ্য সামগ্ৰী বিতৰণ কৰে। সেই অনুসৰি মঙলবাৰে ধুলাচুবুৰী, গৰৈবাৰী, চৰাইমহল, হাতকাটা, পুব কাহিবাৰী, মধ্য গৰৈবাৰী, পূৱ কাহিবাৰী গাঁৱৰ ৰাইজৰ মাজত মোচাহাৰী নিজেই বিতৰণ কৰে এই সামগ্ৰী।

সাংবাদিকৰ ওচৰত সংশ্লিষ্ট গাঁৱৰ লোকে তেওঁলোকৰ দুৰ্দশাৰ কথা প্ৰকাশ কৰি এতিয়ালৈ খাদ্য সুৰক্ষাৰ কেবল চাউল লাভ কৰাৰ বাহিৰে কোনেও সহায় কৰিবলৈ আগবাঢ়ি অহা নাই বুলি উল্লেখ কৰে। চৰকাৰী ভাবেও আন সামগ্ৰী বিতৰণ কৰা হোৱা নাই। কিন্তু মিনন মোচাহাৰীয়ে এঘাৰ বিধকৈ সামগ্ৰী এইসকল দৰিদ্ৰ পৰিয়ালক আগবঢ়োৱাত সকলোৱে তেওঁক ধন্যবাদ জনায়। ইপিনে যুৱ ঠিকাদাৰ মোচাহাৰীয়ে বৰ্তমান পৰিৱেশত গাওঁৰ দৰিদ্ৰ লোকক কিছু সহায় কৰিব পাৰি অত্যন্ত সুখ অনুভৱ কৰা বুলি ব্যক্ত কৰে। প্ৰথম পৰ্যায়ত এক হেজাৰ বিতৰন কৰাৰ পিছত জিলা খনৰ আন দুই হেজাৰ লোকৰ মাজত এই সামগ্ৰী শীঘ্ৰে বিতৰণ কৰিব বুলি মোছাহাৰীয়ে সাংবাদিকৰ ওচৰত প্ৰকাশ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in