এই পথ আপুনিও ল’ব পাৰে, পৰিস্কাৰ হ’ব আপোনাৰ চৌপাশ, এজন যুৱকৰ প্ৰশংসনীয় প্ৰচেষ্টা…

এই পথ আপুনিও ল’ব পাৰে, পৰিস্কাৰ হ’ব আপোনাৰ চৌপাশ, এজন যুৱকৰ প্ৰশংসনীয় প্ৰচেষ্টা…

ডিজিটেল সংবাদ, গুৱাহাটীঃ ২০১৪ চনত নৰেন্দ্ৰ মোডীয়ে প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱাৰ পিছতে এক নিকা পৰিৱেশ ৰচনাৰ পৰিকল্পনাৰে গ্ৰহণ কৰিছিল স্বচ্চ ভাৰত অভিযান। প্ৰধানমন্ত্ৰী মোডীয়ে খোদ দেশবাসীক আহ্বান জনাইছিল অন্তত নিজৰ অঞ্চলটো স্বচ্চ কৰি ৰাখিবলৈ। প্ৰধানমন্ত্ৰীৰ এই স্বচ্চতাৰ অভিযানলৈ সঁহাৰি জনাইছিল দেশবাসীয়ে। যাৰ পৰিপ্ৰেক্ষিতত বিভিন্নজনে নিজৰ অঞ্চলটো নিকা কৰি ৰাখিবলৈ আগবাঢ়ি আহিছিল।

স্বচ্চতাৰ প্ৰতি দেশবাসীক সজাগ কৰি তুলিবলৈ এইবাৰ অভিনৱ পন্থা হাতত ল'লে অসমৰ যুৱ মুকাভিনেতা মিনাংক ডেকাই। দেওবাৰে শুভাৰম্ভণি কৰা হয় সামাজিক সাংস্কৃতিক সংস্থা সমলয়ৰ উদ্যোগত আৰু মিনাংক ডেকাৰ পৰিচালনাত স্বচ্ছতা ১০১। যুৱ মুকাভিনয় শিল্পীজনে নিজাববীয়াকৈ লোৱা এই প্ৰচেষ্টাৰ অংশস্বৰূপে দেওবাৰে কেবাগৰাকী মুকাভিনয় শিল্পীৰ দ্বাৰা পৰিৱেশন কৰা হয় "স্বচ্ছতা" শীৰ্ষক অনুষ্ঠান।

উক্ত অনুষ্ঠানত অসম ৰাজ্যিক বাল ভৱনৰ প্ৰাক্তন অধ্যক্ষা কবিতা শৰ্মা ভট্টাচাৰ্য্য, সমাজ কৰ্মী ভাস্কৰ জ্যোতি দাস, বাইচাইকেল মেয়ৰ আৰছেল আখতাৰ, সিসেন্দু শেখৰ দাস উপস্থিত থাকি অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে। Neet community লাইব্ৰেৰী আৰু ৰাজ্যিক বাল ভৱনৰ শিশু সকলে এই নাটত অভিনয় কৰে। ইয়াৰ পিছতেই নলবাৰী আৰু ৰঙিয়াত সম্পন্ন কৰা হ'ব এই কাৰ্যসূচী। উজান বজাৰ ঘাটত শুভাৰম্ভণি কৰা এই অনুষ্ঠানত মুকাভিনেতাসকলে হাতে হাতে স্বচ্চতাৰ বিষয়ে লিখা বিভিন্ন প্লে' কাৰ্ড লৈ সজাগতাৰ সৃষ্টিৰ প্ৰয়াস কৰে।

এই সন্দৰ্ভত মিনাংক ডেকাই কয়, স্বচ্ছতাৰ বাৰ্তা মুকাভিনয়ৰে যাতে প্ৰতিজন মানুহৰ ওচৰলৈ নিব পাৰো তাৰ কামত নিয়োজিত হৈছোঁ। তাৰ লক্ষ্যৰে এই স্বচ্ছতা ১০১ৰ কাৰ্যসূচী হাতত লোৱা হৈছে। আমাৰ লক্ষ্য ৰাইজে আমাৰ এই কামৰ সৈতে যুক্ত হৈ আমাৰ চৌপাশটো সুন্দৰকৈ ৰাখিবলৈ আগবাঢ়ি আহিব। কিয়নো স্বচ্চতা মাত্ৰ এদিনতে সম্ভৱ হয়। প্ৰতিজন লোকে নিজৰ ঠাইখন প্ৰথমে পৰিস্কাৰ কৰিলেহে আন স্থানসমূহো পৰিস্কাৰ হ'ব।

উল্লেখ্য যে, মিনাংকই অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত মুকাভিনয়ৰ অনুষ্ঠান পৰিৱেশন কৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। ইতিপূৰ্বে তেওঁ মুকাভিনয়ৰ সাজত প্ৰস্তুত কৰা বহু সজাগতামূলক বাৰ্তা বিভিন্ন মাধ্যমত অজস্ৰ লোকৰ সমাদৰ লাভ কৰিছে। তেওঁ স্বচ্চতা, প্ৰকৃতি ৰক্ষা ইত্যাদিৰ বাবে বৰ্ষজোৰা বহু কাৰ্যসূচী সম্পাদন কৰি আহিছে। বিশেষকৈ দীপৰ বিল ৰক্ষাৰ বাবেও কাৰ্যপন্থা হাতত লৈ আহিছে মুকাভিনেতাগৰাকীয়ে। মুকাভিনয়ৰ ৰাষ্ট্ৰীয় জলপানিও লাভ কৰিছে মিনাংকই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in