আঢ়ৈ লাখ টকীয়া চাকৰি এৰি চুৰিত ধৰা এজন বিলাসী চোৰ

আঢ়ৈ লাখ টকীয়া চাকৰি এৰি চুৰিত ধৰা এজন বিলাসী চোৰ

ডিজিটেল ডেস্কঃ এনে এজন চোৰৰ কাহিনী এয়া, যি তাড়নাত নহয়, চখত চোৰ কৰিছিল৷ পিছে চখ কৰিবলৈ গৈ কৰা চুৰি কাৰ্যৰে তেওঁ বেছিদিন চখ পূৰণ কৰিব নোৱাৰিলে৷ অৱশেষত মুম্বাই আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ'ল এইগৰাকী বিলাসী চোৰ৷

এই চোৰজনৰ নাম সুমিত সেন গুপ্তা৷ সুমিত গুপ্তাই পূৰ্বে এটা কাৰিকৰী বিভাগৰ কোম্পানীত উপ পৰিদৰ্শক হিচাপে নিযুক্ত আছিল৷ সেই সময়ত তেওঁৰ মাহিলী দৰমহা আছিল আঢ়ৈ লাখ টকা৷ কিন্তু ২০১৫ চনত তেওঁৰ পত্নীৰ লগত বিবাহ বিচ্ছেদৰ পিছতে সুমিতে চাকৰি এৰি চুৰি কাৰ্য সংঘটিত কৰিবলৈ লয়৷

২০১৫ চনৰ পৰা সুমিত সেন গুপ্তাই ক্ৰমাগতভাৱে গাড়ী চুৰি, চেইন স্নেছিং আদি কাৰ্যৰ লগত জড়িত হৈ আহিছে৷ ইফালে যোৱা ১২ ডিচেম্বৰত সুমিতে নিতীন নামৰ এজন সহযোগীৰ লগ লাগি এগৰাকী মহিলাৰ পৰা সোণৰ চেইন চুৰি কৰাৰ পিছতে আৰক্ষীৰ জালত পৰে৷

জানিব পৰা মতে, ১২ ডিচেম্বৰত সুমিত আৰু সহযোগীজনে বান্দ্ৰাৰ এখন বজাৰৰ পৰা এগৰাকী মহিলাৰ ডিঙিৰ হাৰ চুৰি কৰি লৈ যায়৷ ইয়াৰ পিছতে মহিলাগৰাকীয়ে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰাত আৰক্ষীয়ে অনুসন্ধান চলাই নীতিন নামৰ যুৱক জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ইয়াৰ পিছতে নীতিনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীৰ জালত পৰে লাখপতি সুমিত৷

ইফালে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ পিছত সুমিতে কৰা মন্তব্য অনুসৰি তেওঁ অভাৱত পৰি কেতিয়াও চুৰি কাৰ্য সংঘটিত কৰা নাই৷ তেওঁ কয়- 'মোৰ যিমান সম্পত্তি আছে, তাৰে মই এশ জন মানুহক ২০ বছৰ বহুৱাই খুৱাব পাৰিম৷ চুৰি কৰাটো মোৰ চখ৷' জানিব পৰা মতে, বিলাসী চোৰ সুমিত সেন গুপ্তাৰ বিৰুদ্ধে ২০১৭ চনতো এক চুৰিৰ গোচৰ ৰুজু কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত প্ৰমাণ নথকাৰ বাবে তেওঁক সসন্মানে মুক্তি দিয়া হৈছিল৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in