প্ৰতিলিটাৰ গাখীৰৰ দাম ১৮০ টকা…

প্ৰতিলিটাৰ গাখীৰৰ দাম ১৮০ টকা…

ডিজিটেল ডেস্কঃ গাখীৰ প্ৰতিলিটাৰৰ মূল্য ১৮০ টকা। গাখীৰ খাবলৈ এতিয়া চিন্তা কৰিব লাগিব তেওঁলোকে। দিনকদিনে বৃদ্ধি পাইছে সামগ্ৰীৰ মূল্য দেশখনত। অথচ তেওঁলোকে সমৰসজ্জা, সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষকতাত ব্যয় কৰে কোটি কোটি ধন। কিন্তু মূল্যবোধৰ কৱলত পৰা দেশবাসী এতিয়াও ককবকাব লগা অৱস্থা হৈছে।

দেশখনত পেট্ৰ'ল-ডিজেলৰ বৰ্ধৃত মূল্যক লৈ জনতা ইতিমধ্যে বিতুষ্ট। এইবাৰ আকৌ বৃদ্ধি কৰা হৈছে গাখীৰৰ মূল্য। কৰাছীৰ ডেইৰী ফাৰ্মছ এছ'চিয়েশ্যনে বৃদ্ধি কৰিছে প্ৰতিলিটাৰত ২৩টকাকৈ গাখীৰৰ দাম। ইয়াৰ পাছত গাখীৰ খুচুৰা প্ৰতিলিটাৰত ১২০ৰ পৰা ১৮০ টকালৈ বৃদ্ধি পাইছে।

এয়া সংঘটিত হৈছে পাকিস্তানত। পাকিস্তানী ২ টকা মূল্যৰ সমান ভাৰতীয় ১ টকা। অৰ্থাৎ ভাৰতীয় টকাৰ হিচাপত পাকিস্তানত  ১ লিটাৰ গাখীৰ ক্ৰয় কৰিবলৈ ব্যয় কৰিব লাগিব ৯০ টকা। ইমৰান খান অহাৰ পাছত সলনি হোৱা নাই পাকিস্তানৰ অৰ্থনীতি। ৯.৪ শতাংশ বৃদ্ধি পাইছে মূল্যবৃদ্ধি। যোৱা ৫ বছৰৰ ভিতৰত সৰ্বাধিক মূল্যবৃদ্ধি ঘটিছে দেশখনত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in