কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ পদবী এৰিলে ২ নেতাই…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ নিৰ্বাচনী বিপৰ্যয়ৰ পাছত কংগ্ৰেছত আৰম্ভ হোৱা পদত্যাগৰ ধাৰা এতিয়াও যেন থমকা নাই। দেওবাৰে কংগ্ৰেছৰ দুজন নেতাই এৰিলে গুৰুত্বপূৰ্ণ পদবী। কংগ্ৰেছৰ মহা সচিব তথা যুৱনেতা জ্যোতিৰাদিত্য আৰু মুম্বাই কংগ্ৰেছৰ অধ্যক্ষ মিলন্দ দেৱড়াই কংগ্ৰেছৰ হাইকামাণ্ডক প্ৰদান কৰিলে পদত্যাগ পত্ৰ।

জ্যোতিৰাদিত্যই সংবাদমাধ্যমক জনোৱা অনুসৰি ৮-৯ দিনৰ পূৰ্বেই তেও পদত্যাগ পত্ৰ ৰাহুল গান্ধীক অৰ্পন কৰিছিল। আনহাতে মিলন্দ দেৱড়াই পদত্যাগ পত্ৰৰ সৈতে আগন্তুক মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ নিৰীক্ষণৰ বাবে তিনিজনীয়া এখন কমিটি প্ৰস্তুত কৰাৰো পোষকতা কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in