শেহতীয়া খবৰ
গুৱাহাটীত চিটী বাছৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা, বাছত নাথাকিব হেণ্ডিমেন...  •  শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ পৰিয়ালক অসম চৰকাৰে প্ৰদান কৰিলে ২০ লাখ টকাৰ সাহায্য...  •  অসম সাহিত্য সভাৰ আন্তৰ্জাতিক মাতৃভাষা দিৱস পালন, মুখ্যমন্ত্ৰীৰ কাৰ্যত হতাশ অসম সাহিত্য সভা...  •  অসম সাহিত্য সভাৰ আন্তৰ্জাতিক মাতৃভাষা দিৱস পালন, মুখ্যমন্ত্ৰীৰ কাৰ্যত হতাশ অসম সাহিত্য সভা...  •  গোলাঘাটত আৰক্ষীৰ জালত নিচাযুক্ত সামগ্ৰী সৰবৰাহকাৰী  •  শ্ৰমিকৰ পি এফক লৈ বঞ্চনা, গ্ৰেপ্তাৰ কাছাৰৰ চাহ বাগিচাৰ সহকাৰী প্ৰবন্ধক  •  'পাকিস্তান মূৰ্দাবাদ' শ্ল'গান দিয়ক আৰু ৰেহাই মূল্যত খাওক মাংসৰ পকোৰা...  •  গোলাঘাটত ব্ৰাউন ছুগাৰসহ এজনক আটক  •  'বিজেপি চৰকাৰৰ সুশাসন দেখি বিৰোধী দলবোৰ ঈৰ্ষাত জ্বলি-পুৰি মৰিছে'  •  জামুগুৰিহাটত পত্নীক হত্যা কৰি ঘৰৰ চৌহদত পুতি থোৱা স্বামীক মৰিয়াই মৰিয়াই হত্যা...

বিদেশত নাক কাটিলে মিকা সিঙে

3,466

ডিজিটেল ডেস্কঃ বলীউদৰ জনপ্ৰিয় কন্ঠশিল্পী মিকা সিঙ বৰ্তমান ডুবাই আৰক্ষীৰ জিম্মাত। ব্ৰাজিলৰ এগৰাকী কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে মিকা সিঙক।

খবৰ অনুসৰি কিশোৰীগৰাকীৰ গোচৰৰ ভিত্তিত বুধবাৰে নিশাই কন্ঠশিল্পীগৰাকীক গ্ৰেপ্তাৰ কৰিছে ডুবাই আৰক্ষীয়ে। কিশোৰীগৰাকীয়ে অভিযোগ উত্থাপন কৰিছে যে মিকা সিঙে তেওঁলৈ প্ৰেৰণ কৰিছিল বহু অশ্লীল ফটো।

গানৰ শ্বুটিঙৰ বাবে ডুবাইত ব্যস্ত থকা মিকা সিঙৰ ঘনিষ্ঠ সূত্ৰয়ো মিকাৰ গ্ৰেপ্তাৰ হোৱাৰ কথা স্বীকাৰ কৰিছে। অৱশ্যে মিকা সিঙৰ এনে বিৰ্তক নতুন নহয়।

২০১৫ চনত এক সংগীতানুষ্ঠানত এগৰাকী চিকিৎসকক প্ৰহাৰ কৰিছিল মিকা সিঙে। আনহাতে ২০০৬ চনত ৰাখী সাৱন্তৰ সৈতে চুমা বিৰ্তকতো সোমাই পৰিছিল বলিউদৰ জনপ্ৰিয় কন্ঠশিল্পীগৰাকী।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি