পেকেজিং খাদ্য, পানীয়ৰ বটলে কঢ়িয়াই আনিছে বিপদঃ মানুহৰ তেজত ধৰা পৰিছে প্লাষ্টিকৰ উপস্থিতি…

পেকেজিং খাদ্য, পানীয়ৰ বটলে কঢ়িয়াই আনিছে বিপদঃ মানুহৰ তেজত ধৰা পৰিছে প্লাষ্টিকৰ উপস্থিতি…

ডিজিটেল ডেস্কঃ প্লাষ্টিকৰ ব্যৱহাৰে মানৱ জাতিৰ লগতে জৈৱ বৈচিত্ৰৰ প্ৰতিয়েই যে ভাবুকি কঢ়িয়াই আনিছে সেই কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। প্লাষ্টিক ব্যৱহাৰৰ ক্ষতিকাৰক দিশসমূহৰ বাবে নিতৌ সচেতনামূলক ভাৱে বিভিন্ন মাধ্যমৰ জৰিয়তে বিভিন্ন ধৰণে প্ৰচাৰ চলি আছে। কিন্তু পৰিতাপৰ বিষয় যে এতিয়াও মানুহে প্লাষ্টিক ব্যৱহাৰ কৰিবলৈ এৰা নাই।

প্লাষ্টিকৰ দ্বাৰা নিৰ্মিত পাত্ৰত খাদ্য খোৱাটো মানৱ জাতিৰ শৰীৰ বাবে অতি বিপদজনক। অত্যাধিক প্লাষ্টিকৰ ব্যৱহাৰে মানহুৰ শৰীৰত বিৰূপ প্ৰভাৱ পেলাই আহিছে। শেহতীয়াকৈ গৱেষকৰ এটা দলে এই সম্পৰ্কে এক গৱেষণা চলাই এক ভয়ংকৰ তথ্য উন্মোচিত কৰিছে।

গৱেষণাত প্ৰকাশ পাইছে, মানুহৰ তেজলৈকো শিপাইছে প্লাষ্টিক। অৰ্থাত মানুহৰ তেজত প্লাষ্টিকৰ উপস্থিতি ধৰা পৰিছে। প্ৰথমবাৰৰ বাবে বিশ্বত এইদৰে মানৱ শৰীৰ দেহত ধৰা পৰিল প্লাষ্টিকৰ উপস্থিতি। পূৰ্বে মানুহৰ মগজু, অন্ত্ৰ, গৰ্ভজাত শিশুৰ প্লেচেণ্টা আৰু প্ৰাপ্তবয়স্ক, নৱজাতকৰ শৌচত মাইক্ৰ'প্লাষ্টিক পোৱা গৈছিল। কিন্তু তেজত মাইক্ৰ'প্লাষ্টিকৰ উপস্থিতি ধৰা পৰা নাছিল।

নেডাৰলেণ্ডৰ বিজ্ঞানীৰ এটা দলে ২২ জন স্বাস্থ্যৱান লোকৰ পৰা তেজৰ নমুনা লৈ পৰীক্ষা কৰি দেখিছিল যে তেওঁলোকৰ ১৭ জন অৰ্থাত ৭৭.২ শতাংশ লোকৰ দেহৰ তেজত মাইক্ৰ'প্লাষ্টিকৰ উপস্থিতি আছিল। গৱেষকসকলে কৈছে যে, এইটো প্ৰথমবাৰৰ বাবে ঘটিছে আৰু ই অত্যন্ত বিপদজনক।

নেডাৰলেণ্ডৰ ব্ৰিজে ইউনিভাৰ্চিটিটেট আমষ্টাৰডামৰ অধ্যয়ন লেখক অধ্যাপক ডিক ৱেথাকে এই সম্পৰ্কে কয় যে- আমি এই গৱেষণাটো অধিক সম্প্ৰসাৰিত কৰিব লাগিব আৰু নমুনাৰ আকাৰ, মূল্যাঙ্কন কৰা পলিমাৰৰ সংখ্যা ইত্যাদি বৃদ্ধি কৰিব লাগিব।

এনভায়ৰনমেণ্ট ইণ্টাৰনেচনেল আলোচনীত প্ৰকাশিত এই গৱেষণা সবিশেষত মুঠ ৫ প্ৰকাৰৰ প্লাষ্টিকৰ বাবে পৰীক্ষা কৰাৰ কথা উল্লেখ কৰা হৈছে। সেই সমূহ হৈছে পলিমিথাইল মেথাক্ৰিয়েলেট (পিএমএমএ), পলিপ্ৰপাইলিন (পিপি), পলিষ্টাইৰিন (পিএছ), পলিইথিলিন (পিই) আৰু পলিইথিলিন টেৰেফ্থালেট (পিইটি)। গৱেষণাৰ জৰিয়তে গৱেষকসকলে জানিব পাৰিলে যে ৫০ শতাংশ তেজৰ নমুনাত পলিইথিলিন টেৰেফ্থেলেট (পিইটি) আছে।

তথ্য অনুসৰি, পিইটি বা পলিইথিলিন টেৰেফ্থালেট পানীয়ৰ বটলত ব্যৱহাৰ কৰা হয়। তদুপৰি, অনুসন্ধানৰ সময়ত, এক-তৃতীয়াংশ লোকৰ তেজত পলিষ্টাইৰিন থকা দেখা গৈছিল। এই পলিষ্টাইৰিন খাদ্যৰ পেকেজিং আৰু অন্যান্য সামগ্ৰীত ব্যৱহাৰ কৰা হয়।

তেজৰ এক-চতুৰ্থাংশ নমুনাত পলিইথিলিন থকা দেখা গৈছে যাৰ পৰা প্লাষ্টিকৰ মোনা তৈয়াৰ কৰা হয়। অধ্যাপক ডিক ৱেথাকে এই সন্দৰ্ভত কয়,-আমাৰ গৱেষণাই প্ৰথম ইংগিত দিয়ে যে আমাৰ তেজৰ ভিতৰত পলিমাৰৰ কণা আছে। এইটো এটা গুৰুত্বপূৰ্ণ আৱিষ্কাৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in