মিকি মাউছ ইমান ডাঙৰ হ’ল!

মিকি মাউছ ইমান ডাঙৰ হ’ল!

♦ ডি জে ধনন্তৰি

শৈশৱৰ বন্ধু এটা নিগনি। সকলোৱে ডাঙৰ হয়, অথচ একেদৰেই ৰৈ যায় মৰম লগা নিগনিটো। একেদৰে ৰৈ গ'লেও সময় পিছে ৰৈ থকা নাই। চাওতে চাওতে ৯০ বছৰীয়া হ'ল প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি শৈশৱক আৱৰি ৰখা 'মিকি মাউছ'।

চন ১৯২৮। সেই বৰ্ষৰ আজিৰ দিনটোতো ভূমুকি মাৰিছিল মিকি মাউছে। তাৰ পিছত আৰু পিছলৈ চাবলগীয়া হোৱা নাই 'মিকি মাউছ'ৰ জনক ৱাল্ট ডিজনী। মুহূৰ্ততে সমগ্ৰ বিশ্বতে জনপ্ৰিয় হৈ পৰে ৰঙা কামিজ আৰু হালধীয়া জোতা পিন্ধা নিগনিটো।

মিকি মাউছৰ এই সাফল্য পিছে ইমান সহজ নাছিল। ৱাল্ট ডিজনীয়ে তেওঁৰ সহযোগী উব আইৱেৰ্কছৰ সৈতে লগলাগি ব্যস্ত হৈ পৰিছিল নতুন কাৰ্টুন এটাৰ এনিমেটিঙত। প্ৰথমবাৰৰ বাবে মিকি মাউছৰ টেষ্ট স্ক্ৰিণিং কৰা হৈছিল ১৯২৮ চনৰ ১৫ মে'ত। নাম দিছিল 'প্লেন ক্ৰেজী'। পিছে কোনোৱে গুৰুত্বই নিদিলে। মিকি মাউছ চাই বেছিভাগে ডিজনীক ঠাট্টা মস্কৰাহে কৰিলে।

হাৰ নামানিলে ডিজনীয়ে। উবৰ সৈতে লগলাগি মিকিক নতুন ৰূপ দিয়াৰ চেষ্টা অব্যাহত ৰাখিলে। নামাকৰণ কৰে গেল'পিন। এজনো ডিষ্ট্ৰিবিউটৰে কাৰ্টুনটোলৈ ঘূৰিয়েই নাচালে। এনেকৈয়ে দ্বিতীয় প্ৰচেষ্টাটো ব্যৰ্থতাৰ মুখ দেখে তেওঁ।

দুৰ্যোগৰ এনে দিনতে ডিজনীয়ে দ্য লাকি ৰেবিটকে আদি কৰি কেবাটাও কাৰ্টুন চৰিত্ৰৰ ওপৰত থকা স্বত্ব আইনী মেৰপেছত পৰি হেৰুৱাবলগীয়াত পৰে। ইমানৰ পিছতো থমকি নৰ'ল ডিজনী। দিনে-নিশাই আৰম্ভ কৰিলে কাম। সকলো সময়তে কেৱল এনিমেশ্যনৰেই চিন্তা।

কিদৰে সকলোকে নিগনি চৰিত্ৰটোৰে আকৰ্ষিত কৰিব পাৰি তাৰেই চিন্তাত একপ্ৰকাৰ নিজক পাহৰি পেলালে। প্ৰায় ৫ মাহৰ অন্তত নিজৰ কামক লৈ পুনৰ আশাবাদী হৈ পৰিলে ডিজনী। এইবাৰ পিছে কাৰ্টুন চৰিত্ৰটোৰ নামাকৰণ নিজে নকৰি সেই দায়িত্ব অৰ্পণ কৰিলে পত্নীক। পত্নীয়ে নিগনিৰূপী কাৰ্টুন চৰিত্ৰটোৰ নাম ৰাখিলে মিকি, সম্পূৰ্ণ নাম মিকি মাউছ।

অৱশেষত দুৰ্যোগৰ কলীয়া ডাৱৰ আতৰিল। পত্নী লিলিয়ানে নামাকৰণ কৰা 'মিকি মাউছ' চৰিত্ৰটো মুকলি কৰাৰ পিছতে হেতা-ওপৰা লাগিল ডিষ্ট্ৰিবিউটৰৰ। এখনৰ পিছত এখনকৈ ১৩০ খন ছবিত স্থান লাভ কৰিলে ডিজনীৰ সপোনৰ চৰিত্ৰ মিকি মাউছে। আমেৰিকাৰ সীমা অতিক্ৰমি সমগ্ৰ বিশ্বৰ শিশুসকলৰ অন্যতম সংগী হৈ পৰিল ডিজনীৰ নিগনিটো।

মিকি মাউছে আত্মপ্ৰকাশ কৰা প্ৰথমখন ছবি আছিল ষ্টিমবোট উইলি। ১৯২৮ চনৰ ১৮ নৱেম্বৰত নিউয়ৰ্কত মুক্তি লাভ কৰিছিল এই ছবিখনে। আৰম্ভণিতে চুটি ছবিসমূহতহে মিকি মাউছে স্থান লাভ কৰিছিল যদিও পিছলৈ পূৰ্ণ দৈৰ্ঘ্যৰ ছবিসমূহতো কাৰ্টুন চৰিত্ৰটোৱে ঠাই দখল কৰিবলৈ সমৰ্থ হয়।

৮ মিনিট দৈৰ্ঘ্যৰ ক'লা-বগা ছবি 'ষ্টিমবোট উইলি'ত মিকি মাউছে আত্মপ্ৰকাশ কৰাৰ পিছতে ক্ৰমাৎ বিস্তাৰ লাভ কৰিবলৈ লয় ডিজনী সাম্ৰাজ্যই। ছবিখনত মিকি মাউছৰ লগতে আছিল মিনি মাউছ আৰু মিকিৰ শত্ৰু চৰিত্ৰ পিট। আৰম্ভণিৰ সেই সময়ৰ পৰা ১৯৪৬ চনলৈকে সুদীৰ্ঘ কাল ধৰি 'মিকি'ৰ বাবে নিজেই কণ্ঠদান কৰি আহিছিল ডিজনীয়ে।

লাহে লাহে সময় সলনি হৈ গৈ আছিল। সময়ৰ সলনিৰ লগে লগে ডিজনীয়ে মিকি মাউছকো নতুন ৰূপ দিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছিল। ১৯৩৫ চন পৰ্যন্ত ক'লা-বগা ৰূপতেই সকলোৱে চিনি পাইছিল মিকি মাউছক। ১৯৩৫ চনত 'দ্য বেণ্ড কনছাৰ্ট' ছবিখনৰ জৰিয়তে ৰঙীণ ছবি জগতত প্ৰৱেশ কৰে মিকিয়ে। ইয়াৰ ৩ বছৰ পিছত অৰ্থাৎ ১৯৩৮ চনত 'দ্য ব্ৰেভ লিটল টেইলাৰ'ৰ জৰিয়তে ৰঙীণ হোৱাৰ লগতে আন প্ৰযুক্তিগত বৈশিষ্ট্যৰ কাৰণে পৰৱৰ্তী সময়ৰ কাৰ্টুনতো সমানেই আধিপত্য অক্ষুন্ন ৰাখিবলৈ সমৰ্থ হয় ডিজনীৰ মিকিয়ে।

মিকি, প্ৰিয় বন্ধু মিনি আৰু প্ৰতিদ্বন্দী পিটৰ সৈতে ১৯৩০ চনত নতুন চৰিত্ৰ হিচাপে সংযুক্ত হয় ৰোভাৰ নামৰ এটি কুকুৰ। পিছলৈ ৰোভাৰৰ নাম সলনি কৰি প্লুটো কৰা হয়। ডিজনীৰ অন্যান্য চৰিত্ৰই কথা ক'ব পাৰিলেও কথা ক'ব নোৱাৰে এই প্লুটো চৰিত্ৰটোৱে।

১৯৩৯ চনত আগমন ঘটে ডিজনীৰ আন এক কাৰ্টুন চৰিত্ৰ 'ডোনাল্ড ডাক'। কম সময়ৰ ভিতৰতে অধিক জনপ্ৰিয় হৈ পৰে নতুন চৰিত্ৰটো। কিন্তু বহু কষ্ট আৰু ত্যাগৰ সৃষ্টি মিকি মাউছে যাতে দৰ্শকৰ সদায়েই আপোন হৈ থাকে তাৰ বাবে তেওঁ নিৰ্মাণ কৰে এখন ভিন্ন ধৰ্মী ছবি 'ফেণ্টাচিয়া'। ধ্ৰুপদী সংগীত ব্যৱহাৰ কৰা এই ছবিখনৰ বাবে ১৯৪২ চনত ডিজনীয়ে লাভ কৰে সৰ্বশ্ৰেষ্ঠ সন্মান অস্কাৰ। ছবিখনৰ জৰিয়তে মিকি মাউছে লাভ কৰে পূৰ্বতকৈও অধিক জনপ্ৰিয়তা আৰু সমাদৰ।

প্ৰথম কাৰ্টুন চৰিত্ৰ হিচাপে হলীউডৰ বিখ্যাত 'ৱাক অব ফেম'তো স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে মিকি মাউছ। এনে সফলতাৰ পৰিপ্ৰেক্ষিততে ১৯৫৪ চনত ডিজনীয়ে এক অনুষ্ঠানত আনুষ্ঠানিকভাৱে কৈছিল এষাৰ বিশেষ কথা। 'আজি ডিজনী এক বিশাল সাম্ৰাজ্য। কিন্তু মই সদায় মনত ৰাখো যে এই সকলোবোৰ আৰম্ভ হৈছিল এটা নিগনিৰ পৰা।'-তেওঁৰ এইষাৰ কথা শুনি শিঁহৰিত হৈ পৰিছিল প্ৰতিজন।

এনিমেছন ছবিৰ নিৰ্মাণ আৰু আৰু এনিমেছন কলাৰ বিকাশত উল্লেখনীয় অৱদান আগবঢ়োৱা ডিজনীয়ে ডিজনী প্ৰডাকশ্যনক এক বিশেষ পৰিচিতি প্ৰদান কৰি ১৯৬৬ চনৰ ১৫ ডিচেম্বৰত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ অনুপস্থিতিৰ পিছতো সময়ৰ সৈতে মিলি মিকি মাউছে নিত্য নতুন উপস্থাপন শৈলীৰে মন্ত্ৰমুগ্ধ কৰি ৰাখিছে বিশ্ববাসীক।

কাৰ্টুন চৰিত্ৰ হিচাবে 'মিকি'ৰ জীৱন ১৯৯৪ চনত অন্ত পৰিলেও বৰ্তমানো অব্যাহত আছে তাৰ প্ৰভাৱ। ৰাজনৈতিক জগতত মিকি মাউছ
আজিও মাৰ্কিন বিৰোধী অন্দোলনৰ প্ৰতীক হৈ আহিছে। ইমানেই নহয়, একাধিক টিভি ছিৰিজ, চিনেমা তথা পৰ্যটনক্ষেত্ৰতো বাৰে বাৰে জীৱন্ত হৈ আহিছে ডিজনীৰ মিকি মাউছ। সঁচাকৈয়ে মিকি মাউছ ইমান ডাঙৰ হ'ল… অথচ সদায়েই শিশু হৈয়ে ৰ'ল, শিশু হৈয়ে ৰ'ব!

মিকিৰ ৯০ বছৰীয়া জন্মদিন উপলক্ষে নিউয়ৰ্কত অনুষ্ঠিত কৰা হৈছে 'মিকি দ্য ট্ৰু অৰিজিনেল এক্সিবিশ্যন'। এই অনুষ্ঠানত বিশ্বৰ ভিন্ন দেশৰ একাধিক শিল্পীয়ে নিজস্ব শৈলীৰে তুলি ধৰিছে জনপ্ৰিয় কাৰ্টুন চৰিত্ৰটোক। নিউয়ৰ্কৰ লগতে বিশ্বৰ আন একাধিক স্থানতো মিকি মাউছৰ ৯০ বছৰীয়া চৰিত্ৰটোৰ নিৰ্মাতা ৱাল্ট ডিজনীয়ে আয়োজন কৰিছে বিশেষ অনুষ্ঠানৰ।

মিকি মাউছেৰে আৰম্ভ হোৱা কাৰ্টুন চৰিত্ৰৰ জয়যাত্ৰাৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখি তথ্য প্ৰযুক্তিৰ অভূতপূৰ্ব উন্নয়নৰ এই যুগত এনিমেটেড কাৰ্টুনে লাভ কৰিছে সুকীয়া মাত্ৰা। এতিয়াৰ শৈশৱক কাৰ্টুনে এনেদৰে প্ৰভাৱিত কৰি ৰাখিছে যে ডৰেমন, মোটু-পাটলু, শিশু কৃষ্ণ, ছোটা ভীমবিহীন এখন পৃথিৱীৰ কথা কল্পনাই কৰিব নোৱাৰি। সম্প্ৰতি নিত্য নতুন কাৰ্টুন চৰিত্ৰই ভূমুকি মাৰিলেও হাজাৰ শৈশৱক আজিও শিহৰিত কৰি ৰাখে মিকি মাউছে। মিকি মাউছে গঢ় দিয়া এই ভেটিতে এতিয়া প্ৰাণ পাই উঠিছে ডিজনীলেণ্ডে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in