চিলাপথাৰত ৰঙৰ উৎসৱৰ মাজতে মিচিং সকলৰ বিশাল পঃৰাগ উৎসৱ…

চিলাপথাৰত ৰঙৰ উৎসৱৰ মাজতে মিচিং সকলৰ বিশাল পঃৰাগ উৎসৱ…

ডিজিটেল সংবাদ, চিলাপথাৰঃ ৰঙৰ উৎসৱ ফাকুৱাৰ মাজতে অনুষ্ঠিত হ'ল মিচিং জনগোষ্ঠীৰ এক বৃহৎ উৎসৱ পঃৰাগ। চিলাপথাৰৰ নৈপৰীয়া নামনি মুক্তিয়াৰৰ ৰাইজে বুধবাৰৰ পৰা তিনিদিনীয়াকৈ আয়োজন কৰিলে এই পৰম্পৰাগত উৎসৱটো। অঞ্চলটোৰ পৰা অপায়-অমংগল নাশ কৰি সুখ-সমৃদ্ধি আৰু প্ৰশান্তিৰ কামনাৰে সুদীৰ্ঘ ২৫ বছৰৰ পিছত আয়োজন কৰিছে এই উৎসৱ।

মিচিং জনগোষ্ঠীয় পৰম্পৰাগত ৰীতি-নীতি অনুযায়ী অঞ্চলটোৰ স্বৰ্গগত লোক সকলৰ পবিত্ৰ আত্মাৰ সদগতি কামনা কৰে। এই উৎসৱতেই অঞ্চলটোৰ পৰা বিয়া কৰোৱা জী-জোৱাই সকলক সম্বৰ্ধনা জনায়। এই অঞ্চলৰ পৰা বিয়া কৰোৱা সকলো লোককে এই উৎসবলৈ আমন্ত্ৰন জনোৱাটো নিয়ম। দেশ কিম্বা বিদেশত য'তেই নাথাকক কিয় পৰাগৰ আমন্ত্ৰন ৰক্ষা কৰিছে বহু লোকে।

সুদীৰ্ঘ দিনে বংশ পৰিয়ালৰ পৰা নিলগত বহু লোকে পঃৰাগৰ গইনা লৈ সাক্ষাত লাভ কৰি নষ্টালজিক হৈ পৰা দেখা গৈছে। অজস্ৰ আত্মীয়ৰ উমাল সান্নিধ্যই ৰঙীন কৰি তুলিছে পঃৰাগৰ বাকৰি। প্ৰীতিভোজ খাই স্ফুৰ্তি তামাচা নাচি-বাগি অনন্য কৰি তুলিছে বৃহৎ উদযাপনস্থলী। ঐনিতম গুমৰাগ নৃত্যৰে উখল মাখল পৰিবেশৰ মাজেৰে পালন কৰিছে কৃষিজীৱি মিচিং ৰাইজৰ বিশাল উৎসৱটো।

তদুপৰি পঃৰাগৰ তিনিওটা দিনাই নিশা অনুষ্ঠিত কৰে মিবু দগনাম অৰ্থাৎ দেউধাই নৃত্য। অঞ্চলটোত সাম্ভাব্য বিভিন্ন অপায় অমংগল পৰা কাৰন তথা ইয়াৰ নিবৃত্তিৰ বাবে দেউধাই জাগ্ৰত কৰে পুৰোহিতক। অধূনালুপ্ত দেউধাই নৃত্যক অন্তঃকৰনৰে বিশ্বাস কৰি প্ৰত্যক্ষদৰ্শী হৈ ৰয় কেইবাশ ৰাইজ।

বিশাল উৎসৱটো যুগমীয়া কৰি ৰাখিবলৈ আয়োগক সমিতিয়ে "মিনম" শীৰ্ষক এক স্মৃতি গ্ৰন্থ জাক জাক মিচিং ডেকা গাভৰুৰ উত্তাল নৃত্যই অনন্য কৰি তোলে বৰ্ষনমুখৰ চ'তৰ পঃৰাগৰ সামৰণিৰ ক্ষণ। অশ্ৰুসিক্ত নয়নেৰে পুনৰ সাক্ষাতৰ প্ৰতিশ্ৰুতিৰ বিদায় ল'লে অজস্ৰ জনে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in