‘তেজপুৰক মই ভাল পাও, তেজপুৰৰ হৈ কিবা এটা কৰিবলৈকে মই কংগ্ৰেছত যোগ দিছো’

‘তেজপুৰক মই ভাল পাও, তেজপুৰৰ হৈ কিবা এটা কৰিবলৈকে মই কংগ্ৰেছত যোগ দিছো’
  • সোমবাৰে কংগ্ৰেছত যোগ দিলে প্ৰাক্তন প্ৰশাসনিক বিষয়া এম জি ভি কে ভানুৱে।
  • ৰাজীৱ ভৱনত আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগ দিয়ে তেওঁ।
  • প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ উপস্থিতিত এখন বিশেষ সভাত কংগ্ৰেছত যোগদিয়ে অৱসৰপ্ৰাপ্ত আমোলাজনে।
  • তেজপুৰৰ পৰা লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ হৈ প্ৰাৰ্থীত্ব আগবঢ়াব বুলি চৰ্চা হৈ থাকোতেই কংগ্ৰেছত যোগ দিয়ে এম জি ভি কে ভানুৱে।
  • ইফালে এই অনুষ্ঠানতে কংগ্ৰেছত যোগ দিয়ে অৱসৰপ্ৰাপ্ত শীৰ্ষ আৰক্ষী বিষয়া বীৰেন গগৈ, মনিমালা হাজৰিকা, লক্ষ্মী গোস্বামীকে ধৰি মুঠ ১০ জন লোকে।
  • কংগ্ৰেছত যোগ দি 'মই তেজপুৰক ভাল পাও' বুলি মন্তব্য প্ৰাক্তন আমোলাজনৰ।
  • 'তেজপুৰত মই ঘৰ সাজি থকাৰ ব্যৱস্থা কৰিছো, ভগৱানে দিলে তেজপুৰৰ পৰা কাম কৰিব বিচাৰো।'
  • 'অসমৰ উন্নতি কৰিম বুলি ভাবিয়েই মই যোগ দিছো কংগ্ৰেছত।'
  • 'অসমৰ উন্নতিৰ বাবে ৰাহুল গান্ধীৰ নেতৃত্বত কাম কৰিবলৈ সিদ্ধান্ত লৈছো।'
  • 'বহুতৰে ভাষণ শুনিছো, বাহিৰত আৰু ভিতৰত কি কয় শুনিছো চৰকাৰৰ লগত থাকি।'
  • 'মই অন্ততৰ পৰা, বিশ্বাসত কৈছো গোটেই ভাৰত বৰ্ষত ৰাহুল গান্ধীৰ নিচিনা সৎ, পৰিপাতি ৰাজনীতিবিদ নাই।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in