শেহতীয়া খবৰ
ৰাজ্যৰ বান পৰিস্থিতিৰ বাবে পিছুৱা হল এ পি এছ চিৰ মূল পৰীক্ষা...  •  এজনো খিলঞ্জীয়া জনজাতীয় প্ৰতিনিধি নাই সাংবিধানিক ৰক্ষাকৱচ কমিটীতঃ প্রতিক্রিয়া খিলঞ্জীয়া জনজাতীয় সাহিত্য সভাৰ  •  বান সাহায্যৰ নামত অহা ২৪ বেগ চাউলৰ বিতৰণ মাত্ৰ ২ বেগ, কামপুৰত উত্তপ্ত পৰিস্থিতি  •  বুঢ়াচাপৰিত পহু মাংসসহ দুজনক আটক  •  ভূমি বিবাদক কেন্দ্ৰ কৰি ৯ জনক গুলীয়াই হত্যা  •  অসমৰ বান পৰিস্থিতি বুজ ল’লে বলিউড তাৰকা অক্ষয় কুমাৰে, আগবঢ়ালে ২ কোটিৰ সাহায্য...  •  জম্মু-কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ, নিহত ১ সন্ত্ৰাসবাদী...  •  ওৰাঙত বনৰীয়া মহৰ সন্ত্ৰাস...  •  নাজিৰাৰ হাতীপটীত ২ টা মৃত নাহৰফুটুকী উদ্ধাৰ...  •  হৰিশিঙাত নদীত উটি যোৱা ২ ছাত্ৰৰ ১ জনৰ মৃতদেহ উদ্ধাৰ...VIDEO

মেক্সিকোত ভূমিকম্প! ৩জন আহত, কেবাটাও অট্টালিকা ক্ষতিগ্ৰস্ত, ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ…

225

ডিজিটেল ডেস্কঃ মেক্সিকো আৰু গ্বাটেমালাত ৬.৫ প্ৰাবল্যৰ ভূমিকম্প অনুভূত হয়। যাৰ ফলত গুৰুতৰভাৱে আহত হয় ৩জনকৈ লোক। লগতে কেবাটাও অট্টালিকা ক্ষতিগ্ৰস্ত হয়। মেক্সিকোৰ ৰাষ্ট্ৰীয় ভূ-বিজ্ঞান সেৱাই জনায় যে, মেক্সিকো-গ্বাটেমালা সীমান্তৰ সমীপত শুকুৰবাৰে ভূমিকম্প অনুভূত হয়।

বিষয়াসকলে জনোৱো মতে, ভূমিকম্পৰ ফলত ৩টাকৈ ৰাষ্ট্ৰীয় ঘাইপথত বৃহৎ আকাৰৰ শিল বাগৰি পৰে। যাৰফলত তিনিওটা ৰাষ্ট্ৰীয় পথত যান-বাহন চলাচল ব্যাহত হৈ পৰে। আৰু ৩জনকৈ লোক আহত হয়।

ভূমিকম্পৰ ফলত মেক্সিকোৰ ৰাজধানীত কেবাটাও অট্টালিকা হাউলি যায় আৰু ক্ষতিগ্ৰস্ত হয়। ফলত উক্ত চহৰখনৰ নিবাসীক তাৰ পৰা দূৰলৈ যাবলৈ প্ৰশাসনে নিৰ্দেশ দিয়ে। অৱশ্যে এই ভূমিকম্পৰ ফলত কোনো লোক নিহত হোৱাৰ খবৰ বৰ্তমানলৈ পোৱা হোৱা নাই।

 

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি