মেক্সিকোত তেল পৰিবাহী পাইপলাইনৰ বিস্ফোৰণত নিহতৰ সংখ্যা ৭৩ জনলৈ বৃদ্ধি

মেক্সিকোত তেল পৰিবাহী পাইপলাইনৰ বিস্ফোৰণত নিহতৰ সংখ্যা ৭৩ জনলৈ বৃদ্ধি

ডিজিটেল ডেস্কঃ মধ্য মক্সিকোৰ ইন্ধন পৰিবাহী পাইপলাইত প্ৰচণ্ড বিস্ফোৰণ সংঘটিত হোৱাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৭৩ জনলৈ বৃদ্ধি পাইছে৷ হিডাল্গ'ৰ গভৰ্ণৰ ওমৰ ফয়াদে সদৰী কৰা মতে শনিবাৰে সন্ধিয়া পুনৰ ৫জনৰ মৃতদেহ উদ্ধাৰ কৰা হয়৷ ইফালে মেক্সিকোৰ ত্লাহেলিলপনত শুকুৰবাৰে সংঘটিত এই প্ৰচণ্ড বিস্ফোৰণত মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে৷ দুৰ্ঘটনাত আহত হৈছে ৭৪ জনকৈ লোক৷

মেক্সিকোৰ চৰকাৰী তৈল কোম্পানী পেমেক্সে জানিবলৈ দিয়া মতে ইন্ধন পৰিবাহী পাইপলাইনত অবৈধ ছেদ কৰি তেল চুৰি কৰাৰ সময়তে এই বিস্ফোৰণ সংঘটিত হয়৷ বিস্ফোৰণ সংঘটিত হোৱা পাইপলাইন মেৰামতিৰ লগতে আহত সকলক উদ্ধাৰ অভিযান অব্যাহত ৰখা হৈছে৷ তদুপৰি স্পৰ্শকাতৰ এলেকা সমূহত সাধাৰণ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in