শেহতীয়া খবৰ
কোৰোনাত আক্ৰান্ত হৈ কি ক'লে ভাস্কৰজ্যোতি মহন্তই...  •  ট্ৰাম্প সংবাদ মেলত ব্যস্ত থকাৰ সময়তেই আমেৰিকাৰ হোৱাইট হাউচত গুলীবৰ্ষণ...  •  ধেমাজি টাউন ব্ল’ক কংগ্ৰেছৰ উদ্যোগত "পৰিবেশ প্ৰভাৱ নিৰূপন খচৰা ২০২০"ৰ বিৰুদ্ধে সজাগতামূলক সভা-মানৱ শৃংখল কাৰ্যসূচী...  •  ধেমাজি প্ৰেছ ক্লাৱত বিধায়ক ৰনোজ পেগুৰ সংবাদমেল...  •  দেশৰ শীৰ্ষ ৫ ‘আৰ্ম ৰেছলাৰ’ৰ ভিতৰত স্থান লাভ অসমৰ সিদ্ধাৰ্থ মালাকাৰৰ...  •  দেশৰ শীৰ্ষ ৫ ‘আৰ্ম ৰেছলাৰ’ৰ ভিতৰত স্থান লাভ অসমৰ সিদ্ধাৰ্থ মালাকাৰৰ...  •  ৰাজ্যত পুনৰ ২৯০০ জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ৬১,৭৩৭জনলৈ বৃদ্ধি...  •  প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ মগজুৰ অস্ত্ৰোপচাৰ সম্পন্ন, ৰখা হৈছে ভেন্টিলেটৰ ছাপৰ্টত...  •  দূৰদৰ্শনত ‘শ্ৰীমন্ত শংকৰদেৱ’ ধাৰাবাহিকখনৰ সম্প্ৰচাৰ বন্ধৰ দাবী শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক মিছনৰ...  •  অসম সহ ৬ ৰাজ্যৰ বান পৰিস্থিতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰে আলোচনা প্রধানমন্ত্ৰীৰ...

মেক্সিকোত কাৰ্টেল মেম্বাৰ আৰু নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষত ১৯ জনৰ মৃত্যু

232

ডিজিটেল ডেস্কঃ উত্তৰ মেক্সিকোত দেওবাৰে সন্দেহযুক্ত কাৰ্টেল মেম্বাৰ আৰু নিৰাপত্তাৰক্ষীৰ মাজত হোৱা সংঘৰ্ষত ১৯ জন লোকৰ মৃত্যু ঘটে।

জানিব পৰা মতে, মেক্সিকোৰ উত্তাৰঞ্চলৰ কোৱাহুইলৰ ভিলা ইউনিয়নত দেওবাৰে সন্দেহযুক্ত কাৰ্টেল মেম্বাৰে ১৪ খন বাহন আবদ্ধ কৰি ৰাখে। পিছত ঘটনাস্থলীত নিৰাপত্তাৰক্ষী আৰু আৰক্ষীৰ দল উপস্থিত হোৱাত দুয়ো পক্ষৰ মাজত প্ৰচণ্ড গুলিয়াগুলী চলে। এই গুলীবৰ্ষণত ৪ গৰাকী আৰক্ষী বিষয়াৰ লগতে ২জন সাধাৰণ নাগৰিক আৰু ১৩ জন সন্দেহযুক্ত কাৰ্টেল মেম্বাৰ নিহত হয়।

কোৱাহুইলৰ ৰাজ্য চৰকাৰে প্ৰথমে এই আক্ৰমণত ১৪ জন লোক নিহত হোৱা বুলি সদৰী কৰিছিল যদিও পৰৱৰ্তী সময়ত নিহতৰ সংখ্যা ১৯ জনলৈ বৃদ্ধি পায় বুলি জানিব পৰা গৈছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি