কলকাতাত ১ জুলাইৰ পৰা আৰম্ভ নহয় মে’ট্ৰ সেৱা…

কলকাতাত ১ জুলাইৰ পৰা আৰম্ভ নহয় মে’ট্ৰ সেৱা…

ডিজিটেল ডেস্কঃ কলকাতাত ১ জুলাই, ২০২০ৰ পৰা আৰম্ভ নহয় মেট্ৰ' ৰে'লৰ সেৱা। মেট্ৰ'ৰ বিষয়াসকলে সোমবাৰে চৰকাৰী প্ৰতিনিধিৰ এটা দলৰ সৈতে আলোচনাত বহে। তাৰপাছত মেট্ৰ'ৰ বিষয়াই সদৰী কৰে যে, কেন্দ্ৰীয় চৰকাৰৰ অনুমতি অবিহনে মেট্ৰ' ৰেল সেৱা আৰম্ভ কৰা নহয়। কেন্দ্ৰীয় চৰকাৰে ১২ আগষ্টলৈ যাত্ৰীবাহী ৰে'লসমূহৰ সেৱা বন্ধ কৰাৰ নিৰ্দেশ দিছে।

উল্লেখ্য যে, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে লকডাউনৰ সময়ত যাত্ৰীসকলে সন্মুখীন হোৱা অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি মেট্ৰ' ৰেলৰ সেৱা আৰম্ভ কৰাৰ কথা কৈছিল যদিও, সোমবাৰে এই সেৱা আৰম্ভ কৰা নহয় বুলি স্পষ্ট কৰি দিয়া হয় মেট্ৰ'ৰ বিষয়াসকলৰ তৰফৰ পৰা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in