#MeToo, প্ৰথমবাৰ মুখ খুলিলে এম জে আকবৰে, তদন্তৰ পিছতহে কৰিব পদত্যাগ

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ #MeToo সন্দৰ্ভত প্ৰথমবাৰৰ বাবে মুখ খুলিছে কেন্দ্ৰীয় মন্ত্ৰী এম জে আকবৰে৷ দেওবাৰে মন্ত্ৰীগৰাকীয়ে নাইজেৰিয়া ভ্ৰমণ সম্পূৰ্ণ কৰি ভাৰতত উপস্থিত হৈয়ে বিদেশ মন্ত্ৰী সুষমা স্বৰাজক সাক্ষাৎ কৰে৷ তাৰ পিছতে মন্ত্ৰীগৰাকীয়ে সংবাদমাধ্যমৰ সৈতে বাৰ্তালাপ কৰি #MeToo সন্দৰ্ভত তেওঁৰ মত ব্যক্ত কৰে৷

উল্লেখ্য যে, প্ৰাক্তন সাংবাদিক এম জে আকবৰৰ বিৰুদ্ধে এগৰাকী আমেৰিকান সাংবাদিকসহ ১০ গৰাকী মহিলা সাংবাদিকে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল৷ ইয়াৰ পিছতে নাইজেৰিয়া ভ্ৰমণলৈ যোৱা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভ্ৰমণ কাৰ্যসূচী আধাতে সামৰি ভাৰতলৈ উভতাৰ কথা আছিল যদিও অৱশেষত তেওঁ সেয়া সম্পূৰ্ণ কৰিহে উভতে৷ আনহাতে মন্ত্ৰীগৰাকীয়ে দেশলৈ উভতাৰ পিছতে মুখ্য সচিবলৈ ই-মেইল যোগে পদত্যাগ পত্ৰ প্ৰেৰণ কৰাৰ বিষয়েও বাতৰি প্ৰকাশ পায়৷

এসময়ৰ বাতৰি কাকতৰ সম্পাদক এম জে আকবৰে তেওঁৰ বিৰুদ্ধে উত্থাপন হোৱা নিৰ্যাতনৰ অভিযোগ সংবাদমাধ্যমৰ আগত মিছা বুলি কৈ এই অভিযোগ কেৱল তেওঁৰ ৰাজনৈতিক কেৰিয়াৰত আঘাত হানিবলৈ চলোৱা এক ষড়যন্ত্ৰ বুলিও মন্তব্য কৰে৷ ইফালে তেওঁৰ পদত্যাগ কৰা সন্দৰ্ভত মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰথমে তেওঁৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগসমূহৰ তদন্ত হ'ব৷ যদি ইয়াৰ পিছত সেয়া সত্য প্ৰমাণিত হয়, তেন্তে তেওঁ পদত্যাগ কৰিব৷

'এই ইচ্ছ্যু নিৰ্বাচনৰ পূৰ্বেই কিয় আৰম্ভ কৰা হ'ল৷ তাকো মই বিদেশত থকা সময়ত৷ যি সময়ত মই নিজৰ সপক্ষে মত প্ৰকাশ কৰিব পৰা নাছিলো সেই সময়তে মোৰ বিৰুদ্ধে এনে ভিত্তিহীন অভিযোগবোৰ উত্থাপন কৰা হৈছিল৷ নিশ্চয় ইয়াৰ আঁৰত গভীৰ ষড়যন্ত্ৰ লুকাই আছে৷' -নিজৰ সপক্ষে মত দাঙি ধৰি সংবাদ মাধ্যমৰ সন্মুখত এনেদৰে কয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে৷

আনহাতে প্ৰমাণহীন অভিযোগক ভাইৰেল জ্বৰৰ লগত তুলনা কৰি আকবৰে কয়, 'এবছৰ পূৰ্বে যেতিয়া প্ৰিয়া ৰমাণীয়ে এখন আলোচনীত লিখি এই অভিযানৰ আৰম্ভ কৰিছিল, তেতিয়া মোৰ নাম তেওঁ লোৱা নাছিল৷ পিছতহে মোৰ নাম সাঙোৰ খাই পৰিল৷ কিন্তু কিছুদিন আগতে যেতিয়া প্ৰিয়া ৰমণীক সোধা হৈছিল যে মোৰ নাম কিয় লোৱা হোৱা নাই, তেতিয়া তেওঁ কৈছিল যে মই একো কৰাই নাই৷'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in