ফিফা ফুটবল এৱাৰ্ডঃ ষষ্ঠবাৰলৈ সৰ্বশ্ৰেষ্ঠ পুৰুষ খেলুৱৈ বঁটাৰে পুৰস্কৃত লিঅ’নেল মেছি…

ফিফা ফুটবল এৱাৰ্ডঃ ষষ্ঠবাৰলৈ সৰ্বশ্ৰেষ্ঠ পুৰুষ খেলুৱৈ বঁটাৰে পুৰস্কৃত লিঅ’নেল মেছি…

ডিজিটেল ডেস্কঃ স্পেনিছ ক্লাৱ এফ চি বাৰ্ছিলোনাৰ তাৰকা ফুটবল খেলুৱৈ লিঅ'নেল মেছিক ফিফা ফুটবল এৱাৰ্ডৰ সৰ্বশ্ৰেষ্ঠ পুৰুষ খেলুৱৈ বঁটা প্ৰদান কৰা হয়। লগতে সৰ্বশ্ৰেষ্ঠ মহিলা খেলুৱৈ ৰূপে ঘোষণা কৰা হয় মেগন ৰেপ'নীৰ নাম।

উল্লেখ্য যে, শেহতীয়াকৈ মেছিৰ দলটোৱে লাভ কৰিছিল স্পেনিছ লীগৰ খিতাপ। আৰু তাৰকা ফুটবল খেলুৱৈ ক্ৰিষ্টিয়ান' ৰ'নাল্ড আৰু বাৰ্জিল ভেন ডিজকক ফেৰ মাৰি ষষ্ঠ বাৰৰ বাবে এই বঁটা লাভ কৰে লিঅ'নেল মেছিয়ে।

ইয়াৰ পূৰ্বে লিঅ'নেল মেছিয়ে ২০০৯, ২০১০, ২০১১, ২০১২ আৰু ২০১৫তো এই পুৰস্কাৰ লাভ কৰিছিল। আনহাতে, মহিলা তাৰকা খেলুৱৈ ৰেপ'নীয়ে মহিলা ৱৰ্ল্ড কাপত সৰ্বাধিক গ'ল কৰি 'গ'ল্ডেণ বুট' আৰু সৰ্বশ্ৰেষ্ঠ খেলুৱৈ হিচাপে 'গ'ল্ডেণ বল' পুৰস্কাৰ হিচাপে লাভ কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in