মেৰাপানীত নাগালেণ্ডৰ বিৰুদ্ধে পুনৰ অনিৰ্দ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মেৰাপানীত নাগালেণ্ডৰ বিৰুদ্ধে পুনৰ অনিৰ্দ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

ডিজিটেল সংবাদ, গোলাঘাটঃ নাগালেণ্ডৰ বিৰুদ্ধে গোলাঘাটৰ মেৰাপানীত পুনৰ আৰম্ভ হৈছে অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ। আন্তঃৰাজ্যিক পাৰপত্ৰৰ নামত চুবুৰীয়া ৰাজ্যখনত অসমীয়া লোকৰ ওপৰত আতিশয্যা চলোৱাৰ প্ৰতিবাদত এই অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ মেৰাপানী আঞ্চলিক সমিতি আৰু মেৰাপানী মিনি ট্ৰাক মালিক সন্থাই।

উল্লেখ্য যে কিছুদিন পূৰ্বে নাগালেণ্ডত নিৰ্যাতনৰ সন্মুখীন হৈছিল অসমৰ কেবাগৰাকী ট্ৰাক চালক। একাধিক নগা সংগঠনে আন্তঃৰাজ্যিক পাৰপত্ৰৰ নামত এনেদৰে বছৰ বছৰ ধৰি আতিশয্যা চলাই আহিছে অসমৰ পৰা ব্যৱসায়িক কাৰণত চুবুৰীয়া ৰাজ্যখনলৈ যোৱা লোকসকলক।

এনে পৰিপ্ৰেক্ষিততে সোমবাৰে বিয়লি ৪ বজাৰ পৰা অৱৰোধকাৰীসকলে মেৰাপানী নাগালেণ্ড সংযোগী পথেৰে সকলোধৰণৰ যান-বাহনৰ চলাচল বন্ধ কৰি দিয়ে। বিষয়টোক লৈ কোনো তাক্ষণিক সমাধান নোহোৱা পৰ্যন্ত এই অৰ্থনৈতিক অবৰোধ কাৰ্যসূচী অব্যাহত থাকিব বুলি স্পষ্ট কৰি দিছে অৱৰোধকাৰী সংগঠনকেইটাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in