শেহতীয়া খবৰ
প্ৰিয়ংকা গান্ধীক বিনাচৰ্তে মুক্তিৰ দাবীত গুৱাহাটীত প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ...  •  প্ৰিয়ংকা গান্ধীক বিনাচৰ্তে মুক্তিৰ দাবীত গুৱাহাটীত প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ...  •  গুৱাহাটী প্ৰেছ ক্লাৱত অৰুণ চন্দ্ৰ নাথৰ শিল্প ক'লা প্ৰদৰ্শন...  •  নলবাৰীত বান পৰিস্থিতিৰ সামান্য উন্নত, এতিয়াও ২২টা শিবিৰত ৫,৫৬৮ বানাক্ৰান্ত...  •  চামগুৰিৰ লাওখোৱাত অগপৰ বানসাহাৰ্য্য বিতৰণ, ৰকিবুল হুছেইনেও বিতৰণ কৰিলে সাহাৰ্য্য...  •  ওৰাঙত বজ্ৰ পৰি স্কুলীয়া ছাত্ৰী নিহত, এহাল দম্পত্তিসহ আহত কেইবাজনো...VIDEO  •  অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে কেন্দ্ৰীয় চৰকাৰে গণ্য নকৰে কিয়? ক'লে ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে, VIDEO  •  বিহপুৰীয়াৰ বাঁহগড়া দেউৰী গাঁৱৰ মহিলা সন্ধানহীন...  •  কৰুণ ঘটনা! বজ্ৰপাতৰ ফলত নিহত ৮ শিশু, আহত ৯...  •  সাংসদ আজাম খানৰ বিৰুদ্ধে ৰুজু ২৩টাকৈ গোচৰ...

মেছিৰ আগত ভাৰতীয় ফুটবল দলৰ অধিনায়ক সুনীল ছেত্ৰী…

902

ডিজিটেল ডেস্কঃ ভাৰতীয় ফুটবল দলৰ অধিনায়ক সুনীল ছেত্ৰীৰ আন এক সাফল্য। ষষ্ঠবাৰলৈ ২০১৮-১৯ বৰ্ষৰ শ্ৰেষ্ঠ ফুটবলাৰৰ সন্মান আগবঢ়োৱা হৈছে। অল ইণ্ডিয়া ফুটবল ফেডাৰেচনে ঘোষণা কৰিছে বৰ্ষশ্ৰেষ্ঠ ফুটবলাৰৰ সন্মান।

উল্লেখ্য যে, ৩৪ বছৰীয়া ভাৰতীয় ফুটবল দলৰ অধিনায়কজনে ২০০৭, ২০১১, ২০১৩, ২০১৪ আৰু ২০১৭ চনতো এই সন্মান লাভ কৰিছিল । ভাৰতৰ হৈ ৭০টা গ’ল কৰিবলৈ সক্ষম হৈছে সুনীল ছেত্ৰীয়ে ।বিশ্ব ফুটবলত সৰ্বাধিক গ’ল কৰা খেলুৱৈৰ তালিকাত ছেত্ৰীৰ স্থান দ্বিতীয়। প্ৰথম স্থানত আছে ৰনাল্ডো আৰু তৃতীয় স্থানত আছে মেছি।

আনহাতে, ২০১৮–১৯ বৰ্ষৰ শ্ৰেষ্ঠ মহিলা ফুটবলাৰৰ সন্মান আগবঢ়োৱা হৈছে আশালতা দেৱীলৈ । ২০১৮–১৯ বৰ্ষৰ এমাৰ্জিং পুৰুষ ফুটবলাৰৰ সন্মান আগবঢ়োৱা হৈছে আব্দুল ছামাদলৈ। ২০১৮–১৯ বৰ্ষৰ মহিলা এমাৰ্জিং প্লেয়াৰৰ সন্মান দাংমেই গ্ৰেচলৈ আগবঢ়োৱা হৈছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি