২৬ জুনত ঢকুৱাখনাত ‘আম মেলা- ২০২২’

২৬ জুনত ঢকুৱাখনাত ‘আম মেলা- ২০২২’

ডিজিটেল সংবাদ ঢকুৱাখনা: থলুৱা সম্পদ সংৰক্ষণ সমিতি,অসম, চি বি ই এছ আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ যৌথ  উদ্যোগত  বিগত দুটা বর্ষৰ দৰে ঢকুৱাখনাত তৃতীয় বাৰৰ বাবে অনুষ্ঠিত হ'ব আম মেলা-২০২২ । অবিভক্ত লখিমপুৰ আৰু ধেমাজি জিলাৰ কৃষিজীৱী ৰাইজৰ জৈৱিক পদ্ধতিৰে স্ব-উৎপাদিত ভিন্ন প্ৰজাতিৰ সুস্বাদু থলুৱা ভিন্ন প্ৰজাতিৰ সেন্দুৰীয়া আমৰ সতে বৰ্হি জগতৰে পৰিচিত কৰি দিয়াৰ সমান্তৰালভাৱে বাণিজ্যিকীকৰণৰ পথ প্ৰশস্ত কৰাৰ মানসেৰে  বছৰৰ ২৬জুনত  উদযাপিত কৰি অহা হৈছে এই আম মেলা ।

অহা ২৬ জুনত তৃতীয় বাৰৰ বাবে ঢকুৱাখনা নৰ্মাল স্কুল প্ৰাংগণত ২০২২ বর্ষৰ মেলা অনুষ্ঠিত হ'ব। বৃহস্পতিবাৰে নৰ্মাল স্কুল প্ৰাংগণত অনুষ্ঠিত এক সংবাদ মেলত এই  কথা অৱগত কৰে অভ্যৰ্থনা সমিতিয়ে। আম মেলা ২০২২ৰ
আহ্বায়ক  গৌৰৱ বৰুৱা ,উপদেষ্টা চেনিৰাম বৰুৱা ,  দ্বিগেন হাজৰিকা , অভ্যৰ্থনা সমিতিৰ সম্পাদক পৰশ বৰা, পৰাগ জ্যোতি গগৈ  আদি উপস্থিত থকা সংবাদ মেলত পুৱা গছপুলি ৰোপণ ,প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন, বিপনিৰ দ্বাৰ উন্মোচন, অতিথি আদৰণি আৰু আম মেলাৰ লক্ষ্য উদ্দেশ্য সন্দৰ্ভত চমু অবলোকণমূলক কাৰ্যসূচীৰ পাছতে অনুষ্ঠিত হ'ব "বহনক্ষম ভৱিষ্যতৰ বাবে থলুৱা জৈৱিক সম্পদ সমূহক জৈৱিক অৰ্থনীতিলৈ ৰূপান্তৰৰ প্ৰয়োজনীয়তা " শীৰ্ষক এক গৱেষণা মূলক কৰ্মশালা।

লখিমপুৰ জিলাৰ উপায়ুক্ত শোণিত কুমাৰ সত্বাৱনে  উদ্বোধন কৰিব লগা কৰ্মশালাত সঞ্চালনা কৰিব লখিমপুৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড০ প্ৰবাল শইকীয়াই । কৰ্মশালাত  মুখ্য অতিথি হিচাবে উপস্থিত থাকিব যোৰহাটৰ  অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বি চি ডেকাই । কৰ্মশালাত মুখ্য  সমল ব্যক্তি হিচাবে উপস্থিত থাকিব উদ্যান শস্য গৱেষণা কেন্দ্ৰ ,কামৰূপৰ মুখ্য বিজ্ঞানী ড০ শৰৎ কুমাৰ শইকীয়া, সমল ব্যক্তি হিচাবে উপস্থিত থাকিব কৃষি বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক ড০ হিতেন্দ্ৰ কুমাৰ দত্ত ,লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক ড০ প্ৰশান্ত কুমাৰ পাঠক, ধেমাজি কৃষি বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক ড০ গুঞ্জন গগৈ, পৰিবেশ মিত্ৰ দেৱজিত ফুকন, বিশিষ্ট  উদ্ভাৱক,গৱেষক তথা পৰিবেশ কৰ্মী জিতুল শইকীয়াই ।

বিয়লি স্থানীয় প্ৰগতিশীল কৃষক, শিক্ষাৰ্থী, গৱেষক আৰু পৰিবেশ কৰ্মীসকলৰ সতে বিশিষ্ট  কৃষি বিজ্ঞানী সকলৰ মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হ'ব। সংবাদ মেলত অভ্যৰ্থনা সমিতিৰ সম্পাদক পৰশ বৰা ,উপদেষ্টা দ্বিগেন্দ্ৰ নাথ হাজৰিকা  আদিয়ে বক্তব্য ৰাখি আম মেলা-২০২২ৰ অগ্ৰগতি সন্দৰ্ভত বিস্তৃত অবলোকণ কৰে।

অভ্যৰ্থনা সমিতিয়ে আম মেলাৰ জৰিয়তে থলুৱা চহা কৃষকৰ উৎপাদিত থলুৱা সুস্বাদু আৰু সুমিষ্ঠ  আমৰ এখন বহল বজাৰৰ দিশ উন্মোচন কৰাৰ পথ প্ৰশস্ত কৰাৰ বাবে ঢকুৱাখনাবাসীৰ সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in