নলবাৰীৰ বালিতাৰাত শতায়ু গৰকা জগদানন্দ তালুকদাৰৰ স্মৃতিচাৰণ

নলবাৰীৰ বালিতাৰাত শতায়ু গৰকা জগদানন্দ তালুকদাৰৰ স্মৃতিচাৰণ

ডিজিটেল সংবাদ, নলবাৰীঃ 'ভাৰতবৰ্ষত জন্ম হোৱা প্ৰতিজন নাগৰিকৰ কৰ্তব্য হৈছে নিজৰ কৰ্মৰাজিৰ দ্বাৰা সমাজত একতাৰ বিশেষ শিক্ষা দিয়া'। -এই মন্তব্য গুৱাহাটী বশিষ্ঠৰ শান্তি সাধনা আশ্ৰমৰ গৰাকী হেমভাইৰ। নলবাৰী জিলাৰ বালিতাৰা উন্নয়ন পৰিষদ আৰু জনসেৱা সংঘৰ উদ্যোগত আজি অঞ্চলটোৰ শতায়ু গৰকা প্ৰয়াত জগদানন্দ তালুকদাৰৰ স্মৃতিত ৰাজহুৱা স্মৃতিচাৰণ আৰু গ্ৰন্থ উন্মোচনী সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি হেমভায়ে এনেদৰে কয়।

তেওঁ আৰু কয় যে- 'ৰাজহাড় পোনাই থাকিলেহে এজন ব্যক্তি বা এখন সমাজে স্থায়িত্ব লাভ কৰে'। সমাজকৰ্মী চণ্ডীচৰণ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত প্ৰয়াত তালুকদাৰৰ স্মৃতিত প্ৰকাশ কৰা 'মহাৰ্ঘ' শীৰ্ষক সোঁৱৰণী গ্ৰন্থখন উন্মোচন কৰি গুৱাহাটী এইছ বি দেউৰা মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড০ নিৰঞ্জন কলিতাই কয় যে- এখন গ্ৰন্থ উন্মোচন কৰা মানে এখন পৱিত্ৰ তীৰ্থ স্থান ভ্ৰমণ কৰা।

স্থানীয় ভক্তপ্ৰাণ ৰাইজৰ নাম কীৰ্তনেৰে আৰম্ভ হোৱা এই অনুষ্ঠানত মংগলাচৰণ পাঠ কৰে দ্ৰোণ ভাগৱতীয়ে। সমিতিৰ সম্পাদক বিজয় কলিতাই উদ্দেশ্য ব্যখ্যা কৰা আৰু বালিতাৰা উন্নয়ন পৰিষদৰ সভাপতি নৰেণ দাসে আদৰণি ভাষণ দিয়া সভাখনত কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি মৃণালিনী দেৱী, 'মহাৰ্ঘ'ৰ সভাপতি ৰত্নেশ্বৰ বসুমতাৰী, সম্পাদক নৰেণ ৰয়, লেখক মনোজ বৰ্মনকে ধৰি যথেষ্ট সংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in