ভোট গণনা সুৰক্ষিত,স্বচ্ছ আৰু বিশ্বাসযোগ্য প্ৰক্ৰিয়াৰ দাবীত নিৰ্বাচনী বিষয়ালৈ স্মাৰকপত্ৰ…

ভোট গণনা সুৰক্ষিত,স্বচ্ছ আৰু বিশ্বাসযোগ্য প্ৰক্ৰিয়াৰ দাবীত নিৰ্বাচনী বিষয়ালৈ স্মাৰকপত্ৰ…

ডিজিটেল সংবাদ,বোকাখাত : অসমৰ বিধান সভাৰ নিৰ্বাচন তিনিটা খণ্ডত হৈ যোৱা নিৰ্বাচনৰ প্ৰথম খণ্ডৰ আটাইতকৈ উল্লেখনীয় সমষ্টি হিচাপে বিবেচিত ৯৩ নং বোকাখাত সমষ্টিৰ নিৰ্বাচনো দুই-এক বিসংগতিৰ বাদে প্ৰায় শান্তিপূৰ্ণভাৱে সম্পন্ন হৈ যায়। যদিও অসমৰ চৌপাশৰ ই ভি এম বিতৰ্কৰ প্ৰতি লক্ষ্য ৰাখি বোকাখাতৰ হাইভোল্টেজ সমষ্টিৰ ভোট গণনা প্ৰক্ৰিয়াৰ ক্ষেত্রটো সুৰক্ষাৰ প্ৰশ্নত উদ্বিগ্নতা বাঢ়ি অহা পৰিলক্ষিত হৈছে।

যিহেতু অসম গণপৰিষদৰ সভাপতি তথা বিজেপি মিত্রজোঁটৰ মুখ্যমন্ত্রী শিবিৰৰ শক্তিশালী প্ৰাৰ্থীৰূপে বিবেচিত অসমৰ কৃষি-পশুধন মন্ত্রী অতুল বৰাৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্রত যিকোনো পৰ্যায়লৈ যোৱাৰ আশংকা নুই কৰিব নোৱাৰি বুলিও এটা মহলত চৰ্চা অব্যাহত আছে।

ৰাজনৈতিক বাতাবৰণ অতুল বৰাৰ অনুকূলে নথকাৰ ইংগিত ইতিমধ্যে ঠাৱৰ কৰা হৈছে, গতিকে শাসক পক্ষৰ নিৰপেক্ষতাৰ প্ৰতি ভাবুকি হৈ পৰিছে প্ৰচলিত "ই ভি এম বিতর্ক"।সেয়ে জনমানসত ইয়াৰ গণতান্ত্রিক বিশ্বাসযোগ্যতা অক্ষুন্ন ৰখাৰ স্বাৰ্থতেই কেইবাদফীয়া দাবীসম্বলিত পৰামৰ্শাৱলী নিৰ্বাচনী বিষয়াক মঙলবাৰে প্ৰদান কৰে বিৰোধী প্ৰাৰ্থী সকলে। স্মাৰক পত্রখনিত উল্লেখ কৰা কেইবাটাও উল্লেখযোগয্য বিষয় এনেধৰণৰ,

১/ প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰৰ মুঠ ভোট গ্ৰহণৰ তথ্য প্ৰতিগৰাকী প্ৰাৰ্থীলৈ প্ৰদান কৰা।
২/ প্ৰতিদিনে ডাক যোগে অহা ভোট প্ৰদানৰ তথ্য( নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ আগদিনা পৰ্যন্ত)প্ৰদান কৰা।
৩/ ই ভি এম ৰ নিৰাপত্তাৰ বাবে কাৰ্যালয়ৰ কেৱল এখন দুৱাৰৰ ব্যৱস্থা কৰক আৰু আনবোৰ বন্ধ ৰাখক।
৪/ ভোট গণনাৰ দিনা প্ৰতিখন টেবুলত ভিডিঅ' ৰেকৰ্ডিঙৰ ব্যৱস্থা কৰা আৰু প্ৰতিগৰাকী প্ৰাৰ্থীলৈ এটা ৰেকৰ্ড প্ৰদান কৰা।
৫/ ৮০ বছৰৰ উৰ্ধ্বৰ আৰু নিৰ্বাচনত কৰ্মৰত বিষয়া কৰ্মচাৰী সকলৰ ভোট প্ৰদানৰ তথ্য প্ৰদান।
৬/ যিবোৰ ভোটগ্ৰহণ কেন্দ্ৰত ই ভি এম বিকল হৈছিল বিকল হোৱাৰ সময় , স্থান আৰু বিষয়াৰ তথ্য প্ৰদান কৰি গনতান্ত্রিক ব্যবস্থা সুৰক্ষিত কৰাৰ আহ্বান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in