মেলব’ৰ্নত ছুৰীকাঘাত, মানসিক বিকাৰগ্ৰস্ত লোকৰ হাতত আহত ৫ জন

মেলব’ৰ্নত ছুৰীকাঘাত, মানসিক বিকাৰগ্ৰস্ত লোকৰ হাতত আহত ৫ জন

ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াৰ মেলব'ৰ্ন চহৰত শুকুৰবাৰে এজন দুস্কৃতিকাৰীৰ হাতত কেইবাগৰকীও লোক গুৰুতৰভাৱে আহত হয়। দুস্কৃতিকাৰীজনে পথচাৰীৰ ওপৰত ছুৰীৰে আক্ৰমণ কৰে।

জানিব পৰা মতে, শুকুৰবাৰে মেলব'ৰ্ন চহৰৰ স্থানীয় সময়ানুসৰি বিয়লি ৪.২০ বজাত এখন তীব্ৰবেগী বাহনে ঠাছা বুৰ্ক ষ্ট্ৰীটৰ এখন শ্বিপং মলত খুন্দা মাৰে। যাৰ ফলত বাহনখন অগ্নিদগ্ধ হয়। ইয়াৰ পিছতে গাড়ীৰ ভিতৰত পৰা ক'লা পোচাক পৰিহিত এজন ব্যক্তি ওলাই আহি পথচাৰীৰ ওপৰত ছুৰীৰে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে।

ইফালে, ঘটনাস্থলীত উপস্থিত আৰক্ষীয়ে দুস্কৃতিকাৰীজনক প্ৰতিৰোধ কৰাৰ চেষ্টা কৰোতে দুগৰাকী আৰক্ষী গুৰুতৰভাৱে আহত। তদুপৰি এই ঘটনাত দুস্কৃতিকাৰীজনৰ ছুৰীকাঘাতত সেই পথৰে গৈ থকা এগৰাকী মহিলা আৰু দুজন পুৰুষো আহত হয়।

ইয়াৰ পিছতে আৰক্ষীয়ে দুস্কৃতিকাৰীজনৰ ভৰিলৈ লক্ষ্য কৰি গুলী চলাই আহত কৰে। লগতে আহত লোকসকলকো চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰা হয়। এই ঘটনা সংঘটিতকৰা লোকজন মানসিকভাৱে বিকাৰগ্ৰস্ত বুলি সন্দেহ কৰিছে আৰক্ষীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in