এইবাৰ ভোগালীৰ মেজি জ্বলিব ‘কা’ৰ বিৰুদ্ধে প্ৰতিবাদ-সংকল্পৰ বাবে! গাঁৱে গাঁৱে প্ৰস্তুতি…VIDEO

এইবাৰ ভোগালীৰ মেজি জ্বলিব ‘কা’ৰ বিৰুদ্ধে প্ৰতিবাদ-সংকল্পৰ বাবে! গাঁৱে গাঁৱে প্ৰস্তুতি…VIDEO

ডিজিটেল ডেস্কঃ এফালে বাপতি সাহোন ভোগালী বিহু, আনফালে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন।ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ক'ৰবাত যদি 'কা' বিৰোধী আন্দোলনত গ্ৰেপ্তাৰ হোৱা কাৰাবন্দীৰ মুক্তিৰ দাবীত ৰাইজ অনশনত বহিছে, আন ক'ৰবাত আকৌ বুধবাৰে পুৱা মেজিৰ জুইত তামোল-পাণ, পিঠা-পনা জাপি দি অগ্নিদেৱতাৰ আশীষ বিচৰাৰ সলনি ৰাজ্যখনলৈ কলীয়া ডাঁৱৰ কঢ়িয়াই অনা 'কা'ক ভস্ম কৰিবলৈ মেজিৰ জুইত নিক্ষেপ কৰাৰ প্ৰস্তুতি চলিছে।

পৰম্পৰা পালনৰ বাবে চৌপাশে ভেলাঘৰৰ নিৰ্মাণৰ সমান্তৰালভাৱে এইবোৰ ভেলাঘৰৰ বেৰতো বিভিন্ন শ্ল'গান লিখা গামোচা আঁৰি দিয়া হৈছে। লিখা হৈছে- 'চিৰচেনেহী মোৰ ভাষা জননী', 'মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে…', 'দেশ বুলিলে নালাগে আদেশ' আদি সংগ্ৰামী শ্ল'গান।

মঙলবাৰে দিনৰ পৰাই বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ উদ্যোগত নিৰ্মিত বিভিন্ন স্থানৰ এনেবোৰ ভেলাঘৰৰ বাকৰিত কণ কণ ল'ৰা-ছোৱালীয়ে গাইছে ভূপেন হাজৰিকাৰ সংগ্ৰামী গীত অথবা জ্যোতি প্ৰসাদ, বিষ্ণু ৰাভাৰ প্ৰতিবাদী কবিতা।

ছ'চিয়েল মিডিয়াতো শুভেচ্ছা জনাবলৈ শাসক শোষকৰ বিৰুদ্ধে হুংকাৰ দিয়া সুধাকণ্ঠ ভূপেন হাজৰিকাৰ সেই কালজয়ী গীতৰ কথা- 'মোৰ পুতৌ হয় মুক্তিকামী হাজাৰ মানুহৰ জীয়াই থকা স্পৃহাক এচাম দানৱৰূপী শাসকে ভৰিৰে চেপি টিল টিল মৃত্যুৰ মুখলৈ ঠেলি দিয়া দেখি। তেতিয়া মোৰ মুখেৰে ওলাই ৰাইজ যদি ৰজা হয়, নৃপতিনো কোন? দেশখন বেচোতা এই বদনটিনো কোন..।'

এনেদৰেই গাঁৱে গাঁৱে বুকুভৰা ক্ষোভ আৰু বেদনা লৈ পৰম্পৰা পালন কৰাৰ লগতে মেজিৰ জুইৰ সন্মুখত অগ্নিযুগৰ ফিৰিঙতি হোৱাৰ সংকল্প লোৱাৰ বাবে সকলো যেন সাজু হৈছে। এনে অৱস্থাতো পিছে নিৰ্বিকাৰ চৰকাৰ।

বজাৰত পোহাৰ মেলি গ্ৰাহকৰ অভাৱত আধা দামত পোহাৰীয়ে বেচিছে মাছ, হাঁহ, পথা, পাচলি। মহানগৰীৰ যিবোৰ ঠাই আগেয়ে উৰুকাৰ ভোজ-ভাত আৰু সমুহীয়া অনুষ্ঠানৰ গীত-মাতেৰে ৰজনজনাই আছিল, তেনে এপাৰ্টমেন্ট অথবা ৰাজহুৱা স্থানবোৰতো নিমাওমাও পৰিৱেশ।

বহুতৰ মন দুঃচিন্তা, আশংকা আৰু অনিশ্চয়তাৰে ভৰা। সেয়ে উৎসাহ-উদ্দীপনাৰে পৰম্পৰা পালন কৰাৰ প্ৰতি তেওঁলোকৰ আজি নোহোৱা হৈছে কোনো আগ্ৰহ। তাৰ প্ৰতিফলন এইবোৰৰ মাজেৰেই ঘটিছে। আহি থকা সময়েহে ক'ব- উৰুকাৰ পিছৰ পৰিৱেশে ৰাইজক ক'লৈ নিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in