যোৰহাটৰ পৰা গোপনে গৰু সৰবৰাহ কৰা মেঘালয়ৰ দুই চোৰাং সৰবৰাহকাৰী আৰক্ষীৰ জালত…

যোৰহাটৰ পৰা গোপনে গৰু সৰবৰাহ কৰা মেঘালয়ৰ দুই চোৰাং সৰবৰাহকাৰী আৰক্ষীৰ জালত…

ডিজিটেল সংবাদ নগাঁও: নগাঁও আৰক্ষীৰ জালত পৰিছে দুই চোৰাং গৰু সৰবৰাহকাৰী ৷ আৰক্ষীয়ে কৰায়ত্ব কৰা সৰবৰাহকাৰী দুজনৰ নাম হৈছে মেঘালয়ৰ হেৰমন লিঙড'(৩৭) আৰু কিনি দখৰ(২০) ৷ দুয়ো মেঘালয়ৰ জোৱাইৰ ৷

সৰবৰাহকাৰীৰ জিম্মাৰ পৰা আৰক্ষীয়ে এন এল ০১ এ ডি ৬৬৬৯ নম্বৰৰ এখন ট্ৰাক আৰু ১৭ টাকৈ গৰু জব্দ কৰিছে ৷ যোৰহাট পৰা গৰু লৈ দুই সৰবৰাহকাৰী বৰ্ণিহাটলৈ গৈ থকাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে ৷ গোপন তথ্যৰ ভিত্তিত আৰক্ষীয়ে বৰঘাটত অভিযান চলাই ৷ এই অভিযানত মঙ্গলবাৰে আৰক্ষীৰ জালত পৰে দুই সৰবৰাহকাৰী ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in