কোৰোনা ভাইৰাছৰ আতংকঃ মেঘালয়ত ৰাজহুৱা পৰিবহণ ব্যৱস্থা বন্ধ…

কোৰোনা ভাইৰাছৰ আতংকঃ মেঘালয়ত ৰাজহুৱা পৰিবহণ ব্যৱস্থা বন্ধ…
  • সমগ্ৰ বিশ্বৰ লগতে কোৰোনা ভাইৰাছক প্ৰতিহত কৰিবলৈ মেঘালয় চৰকাৰৰ বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
  • পৰ্যটনস্থলীসমূহ বন্ধ কৰাৰ পিছতে মেঘালয় চৰকাৰৰ আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
  • শুকুৰবাৰে মাজনিশাৰ পৰা ৰাজহুৱা পৰিবহণ ব্যৱস্থা বন্ধ কৰিছে মেঘালয় চৰকাৰে।
  • কোৰোনা ভাইৰাছৰ ভয়াবহতা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে মেঘালয় চৰকাৰে।
  • মেঘালয়ৰ প্ৰত্যেকখন জিলাতে সজাগতামূলক সভা আহ্বান কৰিবলৈও নিৰ্দেশ প্ৰদান কৰিছে জনস্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে।
  • ইফালে পূব খাচী হিলছত ১৪৪ ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি কৰা হৈছে।
  • শুকুৰবাৰে মাজনিশাৰ পৰা মেঘালয়ৰ সকলো দোকান-বজাৰৰ লগতে প্ৰতিষ্ঠান বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে চৰকাৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in