মেঘালয়ৰ অবৈধ কয়লা খনিত দুদিন ধৰি আবদ্ধ ১৩ শ্ৰমিক, উদ্ধাৰ অভিযান অব্যাহত

মেঘালয়ৰ অবৈধ কয়লা খনিত দুদিন ধৰি আবদ্ধ ১৩ শ্ৰমিক, উদ্ধাৰ অভিযান অব্যাহত

ডিজিটেল ডেস্কঃ মেঘালয়ত অবৈধ কয়লা খননৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হৈ আছে যদিও এই অবৈধ কয়লা খননক লৈ চৰকাৰে এতিয়াও বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই। যাৰ বাবে অবৈধ কয়লা খননৰ সৈতে জড়িত মাফিয়াই বিনা বাধাই প্ৰাকৃতিক সম্পদৰ এই লুণ্ঠন অব্যাহত ৰাখিছে।

ৰাজ্যখনত অবৈধ কয়লাখননৰ পৰিণতিত পূৱ জয়ন্তীয়া হিলচৰ অবৈধ কয়লা খনিৰ গুহাত আবদ্ধ হৈ থকা ১৩ কৰ্মচাৰীৰ উদ্ধাৰ অভিযান শনিবাৰেও অব্যাহত আছে। এই অভিযান বৃহস্পতিবাৰৰ পৰা চলোৱাৰ পিছতো এতিয়ালৈকে শ্ৰমিক কেইজনৰ উদ্ধাৰত সফল হ'ব পৰা নাই উদ্ধাৰকাৰী বাহিনী। ইফালে অবৈধ কয়লা খনিত জমা হোৱা পানী বাহিৰলৈ উলিয়াবলৈ উদ্ধাৰকাৰী বাহিনীয়ে পাম্পৰ ব্যৱহাৰ কৰে যদিও সফল নহ'ল উদ্ধাৰকাৰী বাহিনী।

জানিব পৰা মতে, এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ প্ৰায় ৬০ জন জোৱান আৰু ১২জন উদ্ধাৰকাৰীয়ে বৃহস্পতিবাৰে পুৱাৰ পৰা শ্ৰমিককেইজনক খনিৰ ভিতৰৰ পৰা বাহিৰলৈ উলিয়াবলৈ অহৰহ চেষ্টা অব্যাহত ৰাখিছে। কিন্তু প্ৰায় ৩৭০ ফুট গভীৰ খনিটোৰ ভিতৰত জমা হোৱা পানী পাম্পৰ জৰিয়তে বাহিৰ কৰা সম্ভৱ হৈ উঠা নাই বুলি জানিবলৈ দিয়ে উদ্ধাৰকাৰী বাহিনীৰ এগৰাকী বিষয়াই।

আৰক্ষী অধীক্ষক এ আৰ মাওথোৱে জানিবলৈ দিয়া মতে, শ্ৰমিক কেইজন আবদ্ধ হৈ থকা খনিটোৰ উপৰিও আন আন খনিতো কোনো শ্ৰমিক আবদ্ধ হৈ আছে নেকি সেয়া জানিবলৈ প্ৰয়াস কৰা হৈছে। জানিব পৰা মতে, বুধবাৰে কয়লা খনন কাৰ্য চলি থকাৰ মাজতে লিট্টন নদীৰ জলস্তৰ বৃদ্ধি হোৱাত খনিটোৰ ভিতৰতে আবদ্ধ হৈ পৰে ১৩জনকৈ শ্ৰমিক।

ইফালে এই ঘটনা সংঘটিত হোৱাৰ পিছতে মেঘালয়ত অবৈধ কয়লা খননৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী মুকুল চাংমাই। শুকুৰবাৰে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অবৈধ কয়লা খননৰ সৈতে জড়িত কোনো লোককেই ৰেহাই দিয়া নহ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in