ভূমিস্খলনে পুনৰ প্ৰাণ ল’লে ৩ জন লোকৰ…

ভূমিস্খলনে পুনৰ প্ৰাণ ল’লে ৩ জন লোকৰ…

ডিজিটেল ডেস্কঃ অসমৰ লগতে চুবুৰীয়া মেঘালয়তো অব্যাহত আছে প্ৰৱল বৃষ্টিপাত। ৰাজ্যখনত ধাৰাবাহিকভাৱে আহি থকা নেৰানেপেৰা বৰষুণৰ বাবে ঠায়ে ঠায়ে অব্যাহত আছে ভূমিস্খলন। এনে ভূমিস্খলনে আজি ৰাজ্যখনৰ ৩ জনকৈ লোকৰ প্ৰাণ কাঢ়ে।

মেঘালয়ৰ বিভিন্ন স্থানত ইতিমধ্যে ভূমিস্খলনে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। বহু ঠাইত ৰাজপথো খহি পৰি যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। ইয়াৰ মাজতে শুকুৰবাৰে ৰাজ্যখনৰ গাৰো পাহাৰ জিলাৰ বাঘমাৰাত ভূমিস্খলন হৈ ৩ জন লোকৰ মৃত্যু হৈছে।

এই ঘটনা বাঘাপাৰৰ আৱৰ্ত ভৱনৰ কাষত সংঘটিত হৈছে। নেৰানেপেৰা বৰষুণৰ ফলত পাহাৰৰ মাটি খহি আহি সংঘটিত হৈছে এই দুৰ্ঘটনা। এই ঘটনাত প্ৰাণ হেৰুওৱা ৩ জন লোকৰে মৃতদেহ উদ্ধাৰ কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in