কেন্দ্ৰই নিদিলে মেঘালয়ত ১২ ফেব্ৰুৱাৰীৰ পৰা দল-সংগঠনৰ নিজা ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা…

কেন্দ্ৰই নিদিলে মেঘালয়ত ১২ ফেব্ৰুৱাৰীৰ পৰা দল-সংগঠনৰ নিজা ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা…

ডিজিটেল ডেস্কঃ কেন্দ্ৰই ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা প্ৰৱৰ্তন নকৰাকৈ ক্ষান্ত নহয় মেঘালয়ৰ বিভিন্ন সাংবাদিক সংগঠনৰ ঐক্যমঞ্চ কনফেডাৰেশ্যন অৱ মেঘালয় ছ'চিয়েলাইজেশ্যন। এই সন্দৰ্ভত ইতিমধ্যে আন্দোলন আৰম্ভ কৰা সংগঠনটোৱে দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচী ঘোষণা কৰিছে। 'ডাইৰেক্ট একচন' অৰ্থাৎ প্ৰত্যক্ষ অভিযান শীৰ্ষক এই দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচী সন্দৰ্ভত কোৱা হৈছে যে, মেঘালয়ে নিজাকৈ ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা বলবৎ কৰিব।

ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা সন্দৰ্ভত কেন্দ্ৰই কৰা বিলম্বৰ প্ৰতিবাদতে আন্দোলনৰ কাৰ্যসূচী হিচাপে এনে পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হোৱা বুলি সামাজিক সংগঠনসমূহৰ ঐক্যমঞ্চটোৱে স্পষ্ট কৰি দিছে। সংবাদমাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত কনফেডাৰেশ্যন অৱ মেঘালয় ছ'চিয়েলাইজেশ্যনৰ সভাপতি ৰবাৰ্টজুনে খাৰ্জাৰিনে কয় যে- তেওঁলোকৰ দ্বিতীয় পৰ্যায়ৰ এই কাৰ্যসূচী অহা ১২ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব।

লগতে তেওঁ কয়- যি পৰ্যন্ত কেন্দ্ৰীয় চৰকাৰে ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা প্ৰৱৰ্তনৰ অনুমোদন নজনাই আৰু যি পৰ্যন্ত ৰাজ্যখনৰ ৰাজ্যপালে মেঘালয় মেঘালয় ৰেচিডেন্ট ছিকিউৰিটী এণ্ড ছেফ্টী এক্ট (এমেণ্ডমেন্ট) অৰ্ডেনন্স ২০১৯ৰ প্ৰতি অনুমোদন নজনাই, সেই পৰ্যন্ত কনফেডাৰেশ্যন অৱ মেঘালয় ছ'চিয়েলাইজেশ্যনৰ স্বেচ্ছাসেৱক সকলৰ সহযোগত যৌথভাৱে এই কাৰ্যসূচী ৰূপায়ন কৰিব।

বিভিন্ন সংস্থাৰ জৰিয়তে গঠিত উমৈহতীয়া মঞ্চখনে নাগৰিকত্ব সংশোধনী আইন-২০১৯ বাতিল আৰু ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তনৰ বিলম্বৰ প্ৰতিবাদত ৫দিনীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ দেওবাৰে সন্ধিয়া সামৰণি পৰাৰ পিছতে ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা সন্দৰ্ভত এই সিদ্ধান্ত ঘোষণা কৰে।

"আমাৰ পৰৱৰ্তী কাৰ্যসূচী হ'ব প্ৰত্যক্ষ অভিযান আৰু আমি নিজাকৈ ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা বলবৎ কৰিম"- বুলি খাৰ্জাৰিনে স্পষ্ট কৰি দিয়ে। কনফেডাৰেশ্যন অৱ মেঘালয় ছ'চিয়েলাইজেশ্যনৰ সভাপতিগৰাকীয়ে লগতে কয় যে- 'কা' বাতিলৰ দাবী আৰু ইনাৰ লাইন ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত আমাৰ আন্দোলন অব্যাহত থাকিব। যদিহে কেন্দ্ৰীয় চৰকাৰে আমাক আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থাৰ সুবিধা নিদিয়ে আমি নিজাকৈ এই ব্যৱস্থা বলবৎ কৰিবলৈ বাধ্য হম। সংগঠনটোৰ নতুন শ্ল'গান হ'ব- ন' আই এল পি, ন' ৰেষ্ট, ন' আই এল পি, ডাইৰেক্ট একচন।

সংগঠনটোৱে ডাইৰেক্ট একচন কাৰ্যসূচী ৰূপায়নৰ বাবে ১২ ফেব্ৰুৱাৰী পৰা স্বেচ্ছা সেৱক নিয়োগ কৰিব আৰু মেঘালয়ত প্ৰৱেশ কৰা সকলোকে পৰীক্ষা কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ অনুপ্ৰৱেশকাৰী সঞ্চালকালয়ৰ সহযোগিতাৰ বাবেও আহ্বান কৰাৰ লগতে অবৈধভাৱে মেঘালয়ত প্ৰৱেশ কৰা সকলক শাস্তি বিহা আৰু ঘূৰাই পঠিওৱাৰ কাৰ্যত সহযোগ কৰিবলৈ আহ্বান জনাইছে।

প্ৰণিধানযোগ্য যে, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড ছাংমাই ইতিপূৰ্বেই এই সন্দৰ্ভত নতুন দিল্লীত অমিত শ্বাহক সাক্ষাৎ কৰিছিল আৰু সাম্ভাব্য পৰিস্থিতি সন্দৰ্ভত অৱগত কৰিছিল যদিও, বৰ্তমানলৈকে মেঘালয়ৰ বাবে ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা প্ৰৱৰ্তনৰ সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰা নাই। ইয়াৰ বিপৰীতে নগালেণ্ডৰ ডিমাপুৰতহে নতুনকৈ এই ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in