মেঘালয়ত পুনৰ কিছু পৰিমানে শিথিল কৰা হৈছে সান্ধ্য আইন..

মেঘালয়ত পুনৰ কিছু পৰিমানে শিথিল কৰা হৈছে সান্ধ্য আইন..
  • মেঘালয় চৰকাৰে জাৰি কৰিছে এক বিবৃতি।
  • ৰাজ্যখনত বাহাল হৈ থকা সান্ধ্য আইন ২০ আগষ্টৰ ৬ বজালৈ শিথিল কৰিছে।
  • বন্ধ হৈ থকা ইণ্টাৰনেট সেৱাও পুনৰ মুকলি কৰি দিয়া হৈছে ৰাজ্যখনত।
  • ৰাজ্য চৰকাৰখনৰ বিবৃতি অনুসৰি ২০ আগষ্টৰ সন্ধিয়া ৬ বজাৰ পৰা ২১ আগষ্টৰ পুৱা ৫ বজালৈ বাহাল থাকিব কাৰ্ফিউ।
  • মুঠ ৪ খন জিলাত বন্ধ হৈ আছিল ইণ্টাৰনেট সেৱা।
  • পূৱ খাচী পাহাৰ, পশ্চিম খাচী পাহাৰ, দক্ষিণ খাচী পাহাৰ আৰু ৰি ভোইত বন্ধ হৈ থকা ইণ্টাৰনেট সেৱা পুনৰ মুকলি কৰা হৈছে।
  • বিগত ১৩ আগষ্টত আৰক্ষীৰ গুলীত এইছ এন এল চি নেতা চেৰিষ্টাৰফিল্ড থাংখিউ নিহত হৈছিল।
  • ইয়াৰ পাছতে সমগ্ৰ মেঘালয়তে সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি।
  • ফলস্বৰূপে স্বাধীনতা দিৱসৰ নিশা ৮ বজাৰ পৰা বাহাল আছিল সান্ধ্য আইন।
  • ইয়াৰ মাজতে বুধবাৰে পুৱা ৫ বাজৰ পৰা বিয়লি ৪ বজালৈ শিথিল কৰা হৈছিল সান্ধ্য আইন।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in