উন্নয়নমূলক কামৰে অসমৰ সীমান্তত মেঘালয় চৰকাৰৰ আগ্ৰাসন

উন্নয়নমূলক কামৰে অসমৰ সীমান্তত মেঘালয় চৰকাৰৰ আগ্ৰাসন

উন্নয়নমূলক কামৰে অসমৰ সীমান্তত মেঘালয় চৰকাৰৰ আগ্ৰাসন

ডিজিটেল সংবাদ,বকো: কামৰূপ জিলাৰ দক্ষিণ অঞ্চলৰ চাৰিটাকৈ বিধানসভা সমষ্টিত মেঘালয়ে আগ্ৰাসন চলাই আহিছে । বিধানসভা সমষ্টি কেইটা হ'ল পশ্চিম গুৱাহাটী বিধানসভা সমষ্টি, পলাশবাৰী বিধানসভা সমষ্টি, ছয়গাঁৱ বিধানসভা সমষ্টি আৰু বকো বিধানসভা সমষ্টি । বিধানসভা সমষ্টি চাৰিটাৰ ভিতৰত বকো বিধানসভা সমষ্টিত আগ্ৰাসন অধিক। অসমৰ ভূমি আগ্ৰাসন কৰি সীমান্তবাসীক মেঘালয়ৰ লোক আৰু আৰক্ষী-প্ৰশাসনে অত্যাচাৰ-নিৰ্যাতন চলাই আহিছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি দলৰ নতুন চৰকাৰখনে সীমা সমস্যা সমাধান কৰি সীমান্তবাসীক এক সুন্দৰ পৰিৱেশ উপহাৰ দিব বুলি ৰাইজে আশা প্ৰকাশ কৰিছে ।

জানিবপৰা মতে পশ্চিম গুৱাহাটী বিধান সভা সমষ্টিৰ অন্তৰ্গত মেঘালয় ৰাজ্যৰ সীমাত থকা গাঁৱ ক্ৰমে – মাটাইখাৰ, পাটগাঁৱ, উমশ্ৰু, জিমিৰিগাঁৱ, বাৰেগাঁৱ, মদুকী, ঔগুৰি, কুণ্ডিল নগৰ, বাখালাপাৰা,  লংচাই,ভালাখা, লুংখাং, উমচুৰ, নগাওঁ, বাটাবাৰী, আসৈ নিজৰা, জয়পুৰ,ৰাণীবাৰী, বিলপাৰা আদি বিভিন্নগাঁৱত মেঘালয় চৰকাৰে বিভিন্ন উন্নয়নমূলক কাম-কাজ কৰাৰ বাবে সেই গাঁৱবোৰৰ বাসিন্দাৰ মেঘালয ৰাজ্যৰ চৰকাৰৰ প্ৰতি দুৰ্বলতা অধিক । অসমৰ এই গাঁৱবোৰত অসম চৰকাৰে বিজুলী যোগান,পানী যোগান , চিকিৎসা সেৱা, শিক্ষানুষ্ঠান, পথ নিৰ্মাণৰ ব্যৱস্হা নকৰোতেই মেঘলয় চৰকাৰে সেই সা-সুবিধাবোৰ কৰি দিছে । ফলত গাঁৱবোৰ অসমৰ ভৌগলিক সীমাৰ ভিতৰৰ হোৱা স্বত্বেও মেঘালয় চৰকাৰৰ সৈতে যোগাযোগ বেছি । ইয়াতকৈও ডাঙৰ কথা এই গাঁওবোৰৰ লোকে অসমৰ লগতে মেঘালয় চৰকাৰৰ বিভিন্ন নিৰ্বাচনত ভোটদান কৰাৰ সুবিধা লাভ কৰি আহিছে ।

সীমাকলৈ কাজিয়া-পেচালৰ নামত ভালাখোৱা নামৰ গাঁও এখনত দলং নিৰ্মাণক কেন্দ্ৰকৰি মাৰ-পিট পৰ্যন্ত হৈছিল। অসম বিদ্বেষী মেঘালয়ৰ সমৰ্থকে গাঁৱখন মেঘালয়ৰ বুলি দাবী কৰি দলংখন নিৰ্মাণত বাধা দিয়াৰ বাবেই মাৰ-পিট হৈছিল ।  অসম চৰকাৰে সীমাত থকা এই গাঁৱবোৰত অধিক উন্নয়নমূলক কাম নকৰিলে অসমৰ ভূখণ্ডত মেঘালয়ে চিৰদিন আগ্ৰাসন চলাই থাকিব আৰু সময়ত আগ্ৰাসনে ইয়াতকৈও ভয়াবহ ৰূপধাৰণ কৰিব সেয়া নিশ্চিত । দক্ষিণ কামৰূপ অঞ্চলৰে পলাশবাৰী বিধানসভা সমষ্টিৰ কমসংখ্যক গাঁৱ মেঘালয় ৰাজ্যৰ সীমা স্পৰ্শ কৰিছে। ইয়াৰ ভিতৰত ৰাজাপাৰা,বাৰৈগাঁৱ, কঠোগুৰী,ৰাণীখামাৰ,হাতীগঢ় আদি গাঁৱবোৰত মেঘালয় চৰাকাৰে বহু উন্নয়নমূলক কাম কৰিছে । বিপৰীতে অসম চৰকাৰে বিশেষ উন্নয়নমূলক কাম-কাজ কৰিব পৰা নাই ।

ছয়গাঁৱ বিধানসভা সমষ্টিৰ সীমাত শ্ৰী নদী বৈ যোৱাৰ বাবে মেঘালয়ে বৰবিশেষ আগ্ৰাসন চলাব পৰা হোৱা নাই যদিও ছয়গাঁৱৰ সীমামূৰীয়া গাঁৱ ভাদুলীত মেঘালয়ৰ লোকক আনি সংস্হাপিত কৰাৰ দৰে স্পৰ্শকাতৰ ঘটনা ঘটি গৈছে কিছুদিনৰ পূৰ্বে । মেঘালয়ৰ আগ্ৰাসনক কেন্দ্ৰকৰি দক্ষিণ কামৰূপৰ বকো বিধানসভা সমষ্টি সদায়ে বিতৰ্কত থাকে । বকোৰ লাম্পি , হাহিম, মালাংকোণা আদি ঠাইবোৰত মেঘালয়ে বাট-পথ নিৰ্মাণ , আৰক্ষী চকী-ছাউনী, বিদ্যালয় নিৰ্মাণকে ধৰি বিভিন্ন উন্নয়ণমূলক কাম কৰিছে । এই সীমামূৰীয়া ঠাইবোৰত মেঘালয়ে আগ্ৰাসন কৰাৰ নামত অসমৰ লোকক কৰা অত্যাচাৰে সময়ে সময়ে চৰম পৰ্যায় পায় । চৰকাৰে সীমামূৰীয়া ঠাইবোৰ পৰ্যাপ্ত উন্নয়নমূলক কামকৰাৰ লগতে মেঘালয়ৰ আগ্ৰাসন প্ৰতিৰোধৰ উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবলৈ ৰাইজে নতুন চৰকাৰক আহ্বান জনাইছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in