অসমত ‘কা’ জাপি দিব নালাগেঃ নিজৰ মুখ্যমন্ত্ৰীয়ে নহ’লেও আন এজন মুখ্যমন্ত্ৰীয়ে জনালে আহ্বান

অসমত ‘কা’ জাপি দিব নালাগেঃ নিজৰ মুখ্যমন্ত্ৰীয়ে নহ’লেও আন এজন মুখ্যমন্ত্ৰীয়ে জনালে আহ্বান

ডিজিটেল ডেস্কঃ অসমত 'কা' জাপি নিদিবলৈ কেন্দ্ৰক আহ্বান জনালে এগৰাকী মুখ্যমন্ত্ৰীয়ে। অসমত এই আইনৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ হোৱাৰ কথা উল্লেখ কৰি আইনখন উত্তৰ-পূবত প্ৰযোজ্য হ'ব নালাগে বুলি ক'লে এইগৰাকী নেতাই।

পূৰ্বতো তেওঁ এই আইনৰ বিৰোধিতা কৰিছিল। এক জনসভাত অংশ লৈ অসমৰ জনসাধাৰণক সাংবিধানিক ৰক্ষা কৱচ প্ৰদান কৰা আৰু প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি এই আইনৰ আওতাৰ পৰা অসমক আঁতৰাই ৰাখিবলৈ কেন্দ্ৰক আহ্বান জনোৱা নেতাগৰাকী হ'ল আমাৰে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা।

যি সময়ত এই আইনৰ পক্ষে যুক্তি প্ৰদৰ্শন কৰি আছে নেডাৰ আহ্বায়ক তথা অসমৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, সেই সময়ত নেডাৰ অংশীদাৰ হৈ থকা এনপিপিৰ নেতৃত্বৰ পৰাও আহিল এই দাবী। অসমৰ মুখ্যমন্ত্ৰীয়ে 'কা' নালাগে বুলি স্পষ্টকৈ দিল্লীক ক'ব পৰা নাই যদিও চুবুৰীয়া ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জনসভাত ভাষণ দি ৰাজহুৱাকৈ ক'লে- অসমত 'কা' প্ৰযোজ্য হ'ব নালাগে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in