মেঘালয়ত অবৈধভাবে প্ৰৱেশ কৰা ১২ জন নাইজেৰিয়ানক আটক…

মেঘালয়ত অবৈধভাবে প্ৰৱেশ কৰা ১২ জন নাইজেৰিয়ানক আটক…

ডিজিটেল সংবাদ, শিলচৰঃ অবৈধভাবে ভাৰতত প্ৰৱেশৰ অভিযোগত এইবাৰ ১২ জনকৈ নাইজেৰিয়ান নাগৰিক আটক হ'ল মেঘালয়ত৷ যোৱা বৃহস্পতিবাৰ, শনিবাৰ আৰু দেওবাৰে শিলচৰৰ পৰা গুৱাহাটী অভিমূখী নৈশ বাছত তালাচী চলাওতে নাইজেৰিয়ান কেইজনক আটক কৰে মেঘালয় আৰক্ষীয়ে ৷

বৃহস্পতিবাৰে মেঘালয় আৰক্ষীয়ে কাছাৰক সীমান্তৱৰ্তী ৰাতাচেৰাত তালাচী চলাই প্ৰথমে ৬ জন নাইজেৰিয়ান যুৱকক আটক কৰে৷ নিয়মীয়া তালাচীৰ সময়ত মেঘালয় আৰক্ষীয়ে প্ৰয়োজনীয় নথিপত্ৰ পৰীক্ষা কৰোতে পোহৰলৈ আহে যে- নাইজেৰিয়ান নাগৰিক কেইজনৰ কোনো বৈধ ভিছা নাই ৷ বাংলাদেশ ভ্ৰমণৰ নথি থাকিলেও ভাৰতত প্ৰৱেশ কৰা কোনো বৈধ নথি নাছিল বিদেশী নাগৰিক কেইজনৰ লগত৷ পিচত আটাই কেইজনকে আটক কৰে মেঘালয় আৰক্ষীয়ে ৷

মেঘালয়ৰ ইষ্ট জয়ন্তীয়া হিলছ জিলাৰ আৰক্ষী অধীক্ষক বিবেকানন্দ সিঙে সদৰী কৰা মতে, ধৃত বিদেশী কেইজনৰ নাম ক্ৰমে থমচন চিগাৰাম নাওফামা, চিজিকো আগষ্টাস ওবিছা, ডেমছবন্দ চিলেমা উজচকু, ওকেকে উগচুকৌ জাষ্টিন, চুকৌনাইৰে চিনাজা ক্ৰিছিয়ান, আমৰাকা আৰু ওকোলিকাবি হেনৰী ওনিডিকা৷

ইফালে, শুকুৰবাৰেও একে স্থানৰ পৰা নৈশ বাছত আটক কৰা নাইজেৰিয়ান কেইজন জামিনা ওকেঞ্চুবু ইফেচকৌ আৰু কোমন ডেনিয়েল বুলি আৰক্ষী বিষয়া জনে সদৰী কৰে ৷ তৃতীয় দিনা অৰ্থাৎ দেওবাৰে তালাচীৰ সময়ত লুমচনঙত আটক হয় চিনেদু কিংচলে,ৱাইজুবা মালাছে আৰু ওবে ছানি নামৰ আৰু তিনি জন নাইজেৰিয়ান যুৱক ৷

ধৃত নাইজেৰিয়ান কেইজনে আৰক্ষীৰ জেৰাত স্বীকাৰ কৰা মতে, তেওঁলোক বাংলাদেশলৈ গৈছিল ৷ বাংলাদেশৰ পৰা ত্ৰিপুৰাৰ আগৰতলা সীমান্তৰে আহি ভাৰতত প্ৰৱেশ কৰিছিল ৷ ত্ৰিপুৰাৰ পৰা শিলচৰত উপস্থিত হয়। তাৰপাছত শিলচৰৰ পৰা নৈশ বাছত গুৱাহাটীলৈ গৈ আছিল ৷

গুৱাহাটীৰ পৰা নাইজেৰিয়ান কেইজন ক'ত যাব সেই সন্দৰ্ভত মেঘালয় আৰক্ষীয়ে কোনো তথ্য সদৰী কৰা নাই ৷ কি উদ্দেশ্য লৈ ১২ জনকৈ নাইজেৰিয়ান নাগৰিক পৃথক দলত ভাগ হৈ ভাৰতত প্ৰৱেশ কৰিছে সেই ৰহস্য ফাদিল কৰিবলৈ মেঘালয়ে আৰক্ষীয়ে তেওঁলোকক শ্বিলঙলৈ নি জেৰা অৱ্যাহত ৰাখিছে ৷

ইফালে, ১২ জনকৈ নাইজেৰিয়ান নাগৰিক শিলচৰৰ মাজেৰে গুৱাহাটীলৈ যোৱাৰ পথত মেঘালয়ত গ্ৰেপ্তাৰ হোৱাৰ পিচত সষ্টম হৈ পৰিছে কাছাৰ আৰক্ষী ৷ ইতিমধ্যে, সকলো বাছ আৰু চুম' আস্থানত নজৰ ৰাখিছে আৰক্ষীয়ে ৷ কোনো বিদেশী লোকে দূৰণীবতীয়া নৈশ-দিবা বাছৰ লগতে চুম' বাহনৰ টিকট সংগ্ৰহ কৰিলে লগে লগে আৰক্ষীক অৱগত কৰিবলৈ আৰক্ষী অধীক্ষক মুগ্ধ জ্যোতি দেৱ মহন্তই সংশ্লিষ্ট পক্ষক নিৰ্দেশ দিছে৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in