আকৌ বন্ধ হ’ব নেকি মেগী ?

আকৌ বন্ধ হ’ব নেকি মেগী ?

ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত প্ৰায় সংখ্যক লোকৰ দৈনন্দিন খাদ্যৰ তালিকাত থাকে মেগী নুডলছ। দেশৰ আগশাৰীৰ খাদ্য নিৰ্মাতা প্ৰতিষ্ঠান নাছলীয়ে নিৰ্মাণ কৰা মেগীক লৈ ২০১৫ চনত সূত্ৰপাত্ৰ হৈছিল ব্যাপক বিৰ্তকৰ। যাৰ ফলশ্ৰুতি সমগ্ৰ দেশত চৰকাৰে মেগী বিক্ৰীৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰিছিল।

চৰকাৰৰ এই সিদ্ধান্তৰ পাছতে প্ৰতিষ্ঠানটোৰ লোকচান হৈছিল প্ৰায় ৬৫০ কোটি টকা। ২০১৫ চনত খাদ্য বিভাগৰ কেইবাজনো বিশেষজ্ঞই চৰকাৰক প্ৰতিবেদন দাখিল কৰিছিল যে মেগীত আছে অতিৰিক্ত এম এছ জি অৰ্থাৎ মনচডিয়াম গ্লুটামেট। এই এম এছ জি খাদ্যত মাত্ৰাধিক ব্যৱহাৰ শৰীৰৰ বাবে অতি ক্ষতিকাৰক। সেই সময়ত নাছলীয়ে আদালতত দাবী কৰিছিল যে মেগীত মাত্ৰাধিক এম এছ জি ব্যৱহাৰ হোৱা নাই।

শেহতীয়াকৈ ৩ বছৰৰ পাছত মেগীৰ এই প্ৰসংগই পুনৰ চৰ্চালৈ আহিছে। বৃহস্পতিবাৰে এই প্ৰসংগতে দেশৰ উচ্চতম ন্যায়ালয়ত নাছলেৰ অধিবক্তা মনু সিঙবীয়ে স্বীকাৰ কৰে যে মেগীত মনচডিয়াম গ্লুটামেট আছিল যদিও সেয়া নিৰ্ধাৰিত পৰিমাণেহে ব্যৱহাৰ কৰা হৈছিল, যিয়ে শৰীৰৰ একো অপকাৰ সাধন নকৰে। অধিবক্তাজনৰ এই ভাষ্যৰ ভিত্তিত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড অধ্যক্ষতাত গঠিত  কমিটিয়ে ঘোষণা কৰে যে মেগীৰ এক নমুনা কনাৰ্টকস্থিত কেন্দ্ৰীয় খাদ্য প্ৰয়োগীকৰণ গৱেষণা প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰাৰ পাছতহে এই সন্দৰ্ভত ৰায় প্ৰদান কৰিব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in