দৰং অগপৰ চাৰি বিধান পৰিষদৰ জনসংযোগ কাৰ্যসূচীৰ সভাক লৈ অথন্তৰ…

দৰং অগপৰ চাৰি বিধান পৰিষদৰ জনসংযোগ কাৰ্যসূচীৰ সভাক লৈ অথন্তৰ…

ডিজিটেল সংবাদ,মঙলদৈ : দৰং অগপৰ চাৰি বিধান পৰিষদৰ জনসংযোগ কাৰ্যসূচীৰ সভাক লৈ সোমবাৰে এক অথন্তৰ ঘটে । জনসংযোগ কাৰ্যসূচীৰ সভাক সময়তে জিলা অগপৰ কাৰ্যালয় সম্পাদকে বন্ধ ৰাখিলে কাৰ্যালয়।

জনসংযোগ কার্যসূচীৰ বিষয়ে আলোচনা কৰিবলৈ আহি কাৰ্যালয়ৰ বাহিৰত থাকিব লগীয়া হল অগপৰ চাৰিটা বিধান পৰিষদৰ সদস্য। কাৰ্য্যালয় খোলা ৰাখিবলৈ অনুৰোধ কৰাৰ পিছতো , সাধাৰণ সম্পাদক, কাৰ্য্যালয় সম্পাদকৰ গা এৰা দিয়া মন্ত্যৱ্য।

উল্লেখযোগ্য যে জিলা সভাপতি কমলেশ্বৰ বৰুৱাৰ বিৰুদ্ধে কিছুদিন পূৰ্বে অপসাৰণৰ বিচাৰি চাৰিটা বিধান পৰিষদে কেন্দ্ৰীয় সমিতিলৈ পত্ৰ প্ৰেৰণ কৰিছিল আৰু সংবাদ মাধ্যমৰ আগত মুকলিকৈ বিদ্ৰোহ কৰিছিল।এই লৈ মঙলদৈ আৰ্ৱত ভৱনত কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ মধ্যস্থতাত বৈঠক হৈছিল যদিও সুদুত্তৰ পোৱা নাছিল। এই বিষয়ত কেন্দ্ৰীয় সমিতিয়ে বিবেচনা কৰি সিদ্ধান্ত লোৱাৰ কথা প্ৰকাশ কৰিছিল।

উক্ত ঘটনাৰ বাবেই সভাপতিৰ নিৰ্দেশত কাৰ্য্যালয়ৰ দুৱাৰ বন্ধ কৰা বুলি দলীয় কৰ্মীৰ ক্ষোভ। বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাত দৰং অগপৰ লবী কেন্দ্ৰিক বিসম্বাদে নিঃশেষ কৰিব নেকি দলটোক। এই লৈ তৃণমূল কৰ্মীৰ ক্ষোভপ্ৰকাশ কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in