চেলেঙত আঁকিলে কি ছবি? চৰ্চাত মেডিকেল কলেজৰ ছাত্ৰী…

চেলেঙত আঁকিলে কি ছবি? চৰ্চাত মেডিকেল কলেজৰ ছাত্ৰী…

ডিজিটেল সংবাদ নগাঁও : আনুষ্ঠানিক শিক্ষা অবিহনে এগৰাকী ছাত্ৰীয়ে অংকন কৰা এখন চিত্ৰই চৰ্চ্চা লাভ কৰিছে ৷ ব্যতিক্ৰমী চিন্তাৰে এমাহ যোৰা কষ্টৰ ফচল এই চিত্ৰখন অংকন কৰিছে চিকিৎসা বিজ্ঞানৰ এগৰাকী নগাঁৱৰ ছাত্ৰীয়ে ৷ অসমীয়াৰ স্বভিমান চেলেঙত ৰং তুলিকাৰে ২৮ খন ৰাজ্যৰ ভাষা আৰু প্ৰতীক চিহ্ন অংকন কৰিছে ৷

দুখন চেলেঙ এক কৰি ভাৰতবৰ্ষৰ সকলো ৰাজ্যৰ শীৰ্ষ গীত, প্ৰতীক পদ, ভাষাৰ চিহ্ন, জাতীয় জ্ন্তু, জাতীয় সংগীত আদি সনিবিষ্ট কৰিছে এই চিত্ৰখনত ৷ লগতে অসমৰ কামাখ্যা মন্দিৰৰ পৰা আৰম্ভ কৰি দেশৰ বিভিন্ন ঐতিহ্যাসিক স্থানকো অংকন কৰা হৈছে এই বিশেষ চিত্ৰখনত ৷

নগাঁও জিলাৰ বিৰহ বেবেজীয়াৰ যুটিকা দেবী নামৰ ছাত্ৰীগৰাকীয়ে "ভাৰত মাতা কি জয় " শীৰ্ষক নামেৰে অংকন কৰা চিত্ৰখনৰ জৰিয়তে বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলে ভাৰতবৰ্ষৰ ২৮ খন ৰাজ্যৰ বিষয়ত সম্যক জ্ঞান আহৰণ কৰাত সুবিধা হ'ব ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেবৰ পৰা আৰম্ভ কৰি মহামানব মহাত্মা গান্ধীকো এই চিত্ৰত স্থান দিছে যুটিকা দেবীয়ে ৷ মেডিকেলৰ প্ৰবেশ পৰীক্ষা দি উঠি আজৰি সময়ত দিন-ৰাত একাকাৰ কৰি এমাহৰ ভিতৰত চেলেঙৰ অংকন কৰা এই চিত্ৰখনে ২৮ খন ৰাজ্যৰ বিচিত্ৰতাৰ মাজত একতাক প্ৰতিফলিত কৰিছে বুলি ক'ব পাৰি ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in