মিলন মহন্তক অত্যাচাৰৰ ভিডিঅ’ই জোকাৰিছে চুবুৰীয়া ৰাজ্যৰ সাংবাদিক মহলক…

মিলন মহন্তক অত্যাচাৰৰ ভিডিঅ’ই জোকাৰিছে চুবুৰীয়া ৰাজ্যৰ সাংবাদিক মহলক…

ডিজিটেল ডেস্কঃ মিৰ্জাৰ অসমীয়া প্ৰতিদিন সাংবাদিক মিলন মহন্তক বিদ্যুতৰ খুঁটাত বান্ধি লৈ এদল মাফিয়াই দিনৰ পোহৰত চলোৱা নিৰ্যাতনৰ ভাইৰেল ভিডিঅ'ই স্তম্ভিত কৰি তুলিছে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ সাংবাদিক মহলক।ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ আগমূহূৰ্তত দেওবাৰে বেআইনী জুৱা খেলৰে জড়িত আক্ৰমণ কাৰী মাফিয়াৰ দলটোৰ এজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলেও বাকী সকল এতিয়াও আৰক্ষীৰ দৃষ্টিৰ আঁতৰত থাকি যোৱা ঘটনাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যখনৰ সাংবাদিক সকলে।

অৰুণাচল প্ৰদেশ ইউনিয়ন অৱ ৱৰ্কিং জাৰ্নেলিষ্ট( এপিএউঅ'ডাব্লিউজেই) সাংবাদিক মহন্তৰ আক্ৰমণৰ ঘটনাটো বিক্ষিপ্ত নহয় বুলি মন্তব্য সংবাদ মাধ্যমৰ কন্ঠ ৰুদ্ধ কৰাৰ পৰিৱেশ ৰচনাৰ বাবে চলোৱা সন্ত্ৰাস বুলি অভিহিত কৰে।আনহাতে ঘটনাটোৱে দেশৰ আইন তথা ন্যায় ব্যৱস্থাটোক কি পৰ্যায়লৈ অৱনমিত কৰিব সেই প্ৰশ্নও উত্থাপন কৰে।

সংগঠনটোৱে শীঘ্ৰে সকলো কালপ্ৰিটক গ্ৰেপ্তাৰৰ আহ্বান জনায়। একেটা বিবৃতিতে এপিএউঅ'ডাব্লিউজেইৰ মেঘালয় উচ্চ ন্যায়ালয়ে ছিলং টাইমছৰ সম্পাদক তথা প্ৰখ্যাত সাংবাদিক প্ৰেটিছিয়া মুখিমৰ বিৰুদ্ধে এটা ফেচবুক পোষ্টৰ আধাৰত ৰুজু কৰা গোচৰ বাতিল নকৰাৰ বাবে প্ৰদান কৰা ৰায় সন্দৰ্ভতো উদ্বেগ প্ৰকাশ কৰে। আনহাতে উত্তৰ পূৰ্বাঞ্চলৰ সাংবাদিক সকলৰ ওপৰত ধাৰাবাহিকভাৱে চৰকালে বল প্ৰয়োগ কৰা ঘটনা সন্দৰ্ভত এডিটৰ্চ গীল্ডৰ উদাসীনতা সন্দৰ্ভতো উদ্বেগ প্ৰকাশ কৰে সংগঠনটোবে।

এই প্ৰসংগত মনিপুৰৰ সাংবাদিক কিশোৰ চন্দ্ৰ ৱাংখেমক উপৰ্যুপৰি গ্ৰেপ্তাৰ কৰা প্ৰসংগত গীল্ডৰ উদাসীনতালৈও আঙুলি টোওৱা হয়। দেশৰ মূল ভূ-খণ্ডৰ সৈতে উত্তৰ পূৰ্বাঞ্চলৰ দূৰত্ব ক্ৰমাৎ বৃদ্ধি পোৱা বুলি উত্তৰ পূৱৰ জনসাধাৰণে অনুভৱ কৰিবলৈ লোৱা প্ৰসংগ উনুকিয়াই দি সংগঠনটোৱে এই কথা উপলব্ধি কৰাৰ লগতে ইয়াৰ কাৰক সমূহৰ পৰ্যালোচনাৰ বাবেও আবেদন জনায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in