২৩ ফেব্ৰুৱাৰীত দিল্লীৰ পৰা বাছেৰে আহি গোৱালপাৰাত চৰকাৰ বিৰোধী মানৱ শৃংখল, অখিল গগৈৰ মুক্তিৰ দাবী মেধা পাটকাৰ-সন্দিপ পাণ্ডেৰ

২৩ ফেব্ৰুৱাৰীত দিল্লীৰ পৰা বাছেৰে আহি গোৱালপাৰাত চৰকাৰ বিৰোধী মানৱ শৃংখল, অখিল গগৈৰ মুক্তিৰ দাবী মেধা পাটকাৰ-সন্দিপ পাণ্ডেৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ বিজেপিয়ে আন ৰাজনৈতিক দলৰ লোকক নিজৰ দললৈ আনিবলৈ চেষ্টা কৰে। তেওঁলোকৰ কথা যিয়ে নুশুনে তেওঁলোককে জে'লত নিক্ষেপ কৰা হয়। অখিল গগৈও তাৰেই চিকাৰ হৈছে। বিশিষ্ট সমাজকৰ্মী, ৰমন মেগাছেছে বঁটাপ্ৰাপক সন্দিপ পাণ্ডেয়ে বৃহস্পতিবাৰে মহানগৰীৰ গৌৰি সদনত অনুষ্ঠিত মত বিনিময় অনুষ্ঠানত এনেদৰে কোৱাৰ লগতে অখিল গগৈৰ লগতে কাৰাৰুদ্ধ ২৩ গৰাকী কৃষক মুক্তিৰ নেতাক মুক্তি দিয়াৰ দাবী তোলে।

বিশিষ্ট সমাজকৰ্মীগৰাকীয়ে আৰু কয়, অসমত আৰম্ভ হৈ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন দেশজুৰি চলিল। এই আন্দোলন অসমৰ পৰাই আৰম্ভ হৈছিল। ১০, ১১ আৰু ১২ ডিচেম্বৰত অসমত হোৱা প্ৰতিবাদৰ দৰেই দেশৰ বিভিন্ন স্থানত ব্যক্তি গোট, দল-সংগঠনে প্ৰতিবাদ কৰিলে। চৰকাৰৰ বিৰুদ্ধে সৱল নেতৃ্ত্ব দেখুৱালে।

তেখেতে লগতে অখিল গগৈক বুধবাৰে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত সাক্ষাৎ কৰাৰ কথাও কয়। অখিল গগৈয়ে কাৰাগাৰৰ পৰা লিখা চিঠিখনৰ আঁত ধৰি আছু, এজেৱাইচিপি ইত্যাদি সংগঠনসমূহক একেলগে প্ৰতিবাদ কৰাৰ পোষকতা কৰে। তেখেতে লগতে ২৩ ফেব্ৰুৱাৰীত দিল্লীৰ ৰাজঘাটৰ পৰা দুপৰীয়া ১২ বজাত অসম অভিমুখে প্ৰায় ৫০ গৰাকী লোকে বাছেৰে যাত্ৰা কৰাৰ কথা কয়।

দিল্লীৰ পৰা আৰম্ভ কৰি উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিম বংগ হৈ ২ মাৰ্চত গোৱালপাৰালত সেই যাত্ৰা কৰা দলটো উপস্থিত হৈ মানৱ শৃংখল গঢ়ি তুলিব বুলিও কয়। সন্দিপ পাণ্ডেয়ে লগতে ডিটেনশ্বন কেম্পৰো বিৰোধিতা কৰাৰ কথা কয়। এই যাত্ৰা কালত বিভিন্ন স্থানত তেওঁলোকে প্ৰতিবাদী গোটৰ সৈতে মত বিনিময় কৰিব বুলিও কয়। ইফালে এই যাত্ৰা কালত কেবাটাও সংগঠনে সমৰ্থন জনাব বুলিও কয় তেওঁ। ইয়াৰ লগতে পূৰ্বৰ তুলনাত প্ৰতিবাদ কিছু পৰিমাণে কম হোৱা বুলিও তেওঁ কয়। তেখেতে লগতে আছুকো প্ৰতিবাদ তীব্ৰতৰ কৰাৰ আহ্বান জনায়। দল খোলা কাৰ্যকো তেওঁ সমৰ্থন কৰে।

ইফালে নৰ্মদা বচাও আন্দোলনৰ নেত্ৰী মেধা পাটকাৰে অসমৰ আন্দোলনৰ ভৱিষ্যতক লৈ আশা প্ৰকাশ কৰে। তেওঁ অসমৰ আন্দোলনৰ ভৱিষ্যত উজ্বল বুলি মন্তব্য কৰে। আন্দলনত মহিলাৰ যোগদান আশা ব্যঞ্জক। মেধা পাটকাৰে অখিল গগৈৰ লগতে ২৩ কাৰাৰুদ্ধ কৃষক মুক্তিৰ সদস্যৰ মুক্তিৰ দাৱী কৰে৷ নাৰী বাদী ধাৰাই দেশৰ উন্নতি আনিব৷ যেতিয়া প্ৰতিবাদত নাৰী সকল নামে তেতিয়া ৰাজনৈতিক দলেও ভয় কৰে৷ আন্দোলনৰ লক্ষ্য কেতিয়াও নিৰ্বাচন হ'ব নালাগে৷

তেওঁ লগতে কয়, আন্দোলনকাৰীসকলে নিজেই ৰাজনীতি কৰে যি ৰাজনীতি ৰাইজৰ হকে মাত মতাৰ ৰাজনীতি৷ আন্দোলনত কেতিয়াও ভেদভাৱ থাকিব নালাগে৷ নদী বান্ধৰো বিৰোধিতা কৰে মেধা পাটকাৰে। তেখেতে লগতে মত বিনিময় অনুষ্ঠানত কা বিৰোধী আন্দোলনত শ্বহীদ হোৱা ৫ শ্বহীদকো স্মৰণ কৰে।

চৰকাৰৰ দমন নীতি আৰু কা বিৰোধী আন্দোলনৰ ভৱিষ্যত সম্পৰ্কে অনুষ্ঠিত এই মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰিছিল কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। অনুষ্ঠানটোত নৰ্মদা বচাও আন্দোলনৰ মূল গুৰি ধৰোতা তথা Right Livelihood বঁটা প্ৰাপক মেধা পাটকাৰ, ৰমন মেগাছেছে(২০০২) বঁটা প্ৰাপক সন্দিপ পাণ্ডেৰ লগতে প্ৰায় শতাধিক লোক উপস্থিত থাকে। অনুষ্ঠানটোত কা বিৰোধী আন্দোলন ইয়াৰ ভৱিষ্যত ইত্যাদি প্ৰসংগত উপস্থিত লোকে সোধা বহু প্ৰশ্নৰ উত্তৰ দিয়ে বিশিষ্ট লোকসকলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in