চুমাৰ বিনিময়ত গান! ‘ইণ্ডিয়ান আইডল-১০’ৰ পৰা বহিস্কৃত অনু মালিক

চুমাৰ বিনিময়ত গান! ‘ইণ্ডিয়ান আইডল-১০’ৰ পৰা বহিস্কৃত অনু মালিক

ডিজিটেল ডেস্কঃ বলীউডৰ সংগীতকাৰ অনু মালিকৰ বিৰুদ্ধে পুনৰ এবাৰ উত্থাপিত হৈছে যৌন নিৰ্যাতনৰ অভিযোগ৷ #MeToo অভিযানৰ জৰিয়তে গায়িকা চোনা মহাপাত্ৰই অনু মালিকৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰাৰ পিছত এইবাৰ প্ৰসিদ্ধ সংগীতকাৰগৰাকীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে আন এগৰাকী জনপ্ৰিয় গায়িকা শ্বেতা পণ্ডিতে৷

অনু মালিকে তেওঁৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগ খাৰিজ কৰিছে যদিও ইয়াৰ পিছতো সমস্যাৰ পৰা মুক্ত হ'ব পৰা নাই অনু মালিক৷ শেহতীয়াকৈ সংগীতকাৰগৰাকীয়ে ছ'নী টিভিত সম্প্ৰচাৰিত ৰিয়েলিটি শ্ব' 'ইণ্ডিয়ান আইডল-১০'ৰ বিচাৰকৰ আসন ত্যাগ কৰিব লাগিব বুলি খবৰ প্ৰচাৰ হৈছে৷

জানিব পৰা মতে, সংগীতকাৰগৰাকীৰ বিৰুদ্ধে দুটাকৈ যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপিত হোৱাৰ পিছত ছ'নী টিভি আৰু শ্ব' নিৰ্মাতাই অনু মালিকক বিচাৰক হিচাপে ল'বলৈ অস্বীকাৰ কৰিছে৷ ইফালে, সোমবাৰৰ পৰা অনু মালিকে সংগীতৰ ৰিয়েলিটি শ্ব'টোৰ শ্বুটিঙত উপস্থিত নাথাকিব বুলিও খবৰ প্ৰচাৰ হৈছে৷

উল্লেখ্য যে, বলীউডৰ গায়িকা শ্বেতা পণ্ডিতে এক ছ'চিয়েল মিডিয়া পোষ্টত অনু মালিকক 'পিডোফাইল' বুলি সম্বোধন কৰে৷ কোনো লোকে যদি কোনো শিশুৰ প্ৰতি যৌন আকৰ্ষণ অনুভৱ কৰে, তেন্তে তাক পিডোফাইল বুলি কোৱা হয়৷

শ্বেতাই তেওঁৰ পোষ্টত অনু মালিকৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি কয়, '২০০১ চনত অনু মালিকে মোক মুম্বাইৰ অান্ধেৰীস্থিত এটা ষ্টুডিঅ'লৈ মাতি পঠিয়াইছিল৷ সেই সময়ত তেওঁ 'আৱাৰা পাগল দীৱানা' নামৰ ছবিখনৰ বাবে সুনিধি চৌহানৰ লগত গীতৰ ৰেকৰ্ডিঙৰ কামত ব্যস্ত হৈ আছিল৷'

শ্বেতাই পুনৰ কয়, 'মই ষ্টুডিঅ'ত উপস্থিত হোৱাৰ পিছত তেওঁ মোক এটা খালী কোঠা দেখুৱাই দি বহিবলৈ কয়৷ মই গৈ তাত বহাৰ কিছু সময় পিছতে তেওঁ আহি মোক এটা গান গাবলৈ কয়৷ মই গানটো গোৱাৰ পিছত তেওঁ মোৰ প্ৰশংসা কৰে আৰু কয় যে তেওঁ মোক এই গানটো গাবলৈ দিব৷ কিন্তু তাৰ বিনিময়ত মই তেওঁক এটা চুমা দিব লাগিব৷ তেওঁৰ কথাত মই বৰ আচৰিত হৈছিলো৷ কাৰণ মই তেতিয়া স্কুলৰ ছাত্ৰী আছিলো৷'

আনহাতে, চোনা মহাপাত্ৰই অনু মালিকৰ বিৰুদ্ধে এক টুইটত লিখে, 'যিসকল ছোৱালীয়ে কৈলাশ খেৰৰ বিৰুদ্ধে নিজৰ অনুভৱ ব্যক্ত কৰিছে, তেওঁলোক অকলশৰীয়া নহয়৷ কৈলাশ খেৰে বছৰ বছৰ ধৰি নাৰীৰ ওপৰত নিৰ্যাতন চলাই এনেদৰেই জীৱন পাৰ কৰি আহিছে৷ ইণ্ডাষ্ট্ৰীত তেৱেই যে কেৱল এনে মানুহ তেনে নহয়, তেওঁৰ দৰে আৰু বহুত আছে৷ যাৰ ভিতৰত অনু মালিকো এজন৷ মই দিনৰ ১৮ ঘন্টা সময় কাম কৰি কটাও, গতিকে মই আনৰ বিষয়ে আলোচনা কৰিবলৈ সময় নাপাও৷'

ইফালে, অনু মালিকে পিটিআইৰ সৈতে কৰা বাৰ্তালাপত তেওঁৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগ খাৰিজ কৰে৷ তেওঁ কয়, 'মই এই সন্দৰ্ভত একো ক'ব নিবিচাৰো৷ আজি বহুতে মোৰ বিৰুদ্ধে কথা ক'বলৈ সুযোগ পাইছে৷ মই ইয়াৰ প্ৰত্যুত্তৰ দিলে মোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ'ব৷'

অনু মালিকৰ অধিবক্তায়ো সংগীতকাৰগৰাকীৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগ খাৰিজ কৰি কয় যে তেওঁৰ চৰিত্ৰত দাগ লগাবলৈ চেষ্টা চলাই একাংশই কেতবোৰ ভিত্তিহীন অাৰু মিছা অভিযোগ উত্থাপন কৰি আছে৷

আনফালে, প্ৰসিদ্ধ গীতিকাৰ সমীৰেও অনু মালিকৰ পক্ষত থিয় দি তেওঁৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগ খণ্ডন কৰে৷ গীতিকাৰগৰাকীয়ে কয় যে শ্বেতা পণ্ডিতে যি সময়ত অনু মালিকে নিৰ্যাতন চলোৱাৰ বিষয়ে উল্লেখ কৰিছে সেই সময়ত অনু মালিকৰ সৈতে তেঁৱো উপস্থিত আছিল৷ কিন্তু সেই সময়ত তেনে কোনো ঘটনা সংঘটিত হোৱা নাছিল৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in