বুৰদ্বানত তৃণমূল কৰ্মীক গুলীয়াই হত্যা, আঁৰত বিজেপি জড়িত থকাৰ অভিযোগ…

বুৰদ্বানত তৃণমূল কৰ্মীক গুলীয়াই হত্যা, আঁৰত বিজেপি জড়িত থকাৰ অভিযোগ…

ডিজিটেল ডেস্কঃ মঙলবাৰে নিশা পশ্চিম বংগৰ বুৰদ্বানত অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে তৃণমূল কংগ্ৰেছৰ এজন কৰ্মীক। জানিব পৰা মতে, বুৰদ্বানৰ বাসগৃহলৈ নিশা গৈ থকা অৱস্থাত তৃণমূল কৰ্মী ৰাথিন বিশ্বাসৰ ওপৰত গুলীবৰ্ষণ কৰে অচিনাক্ত দুৰ্বৃত্তৰ এটা দলে। এই ঘটনাত গুৰুতৰভাৱে আহত ৰাথিন বিশ্বাসক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

ইফালে এই ঘটনাৰ পিছত তৃণমূল কংগ্ৰেছে অভিযোগ কৰে যে বিজেপিয়ে পৰিকল্পিতভাৱে এই হত্যাকাণ্ড সংঘটিত কৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে ঘটনাৰ অভিযুক্তক আটক কৰিবলৈ সক্ষম হোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in