চাৰ্টিফিকেটৰ মুকলি বজাৰঃ অৱশেষত ৰঙাঘৰত অধ্যক্ষ…

চাৰ্টিফিকেটৰ মুকলি বজাৰঃ অৱশেষত ৰঙাঘৰত অধ্যক্ষ…

ডিজিটেল সংবাদ, মায়ংঃ মায়ং কণিষ্ঠ মহাবিদ্যালয়ৰ স্বত্বাধিকাৰ,অধ্যক্ষ তথা ৱেব পৰ্টেল প্রতিবিম্ব লাইভৰ প্ৰাক্তন আৰু ৰিপৰ্টাৰ অসমৰ বৰ্তমানৰ কাৰ্যবাহী সঞ্চালক বিনয় চলিহাক মৰিগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। এই ঘটনাই তীব্ৰ চাঞ্চল্য ৰ সৃষ্টি কৰিছে সমগ্ৰ মৰিগাঁও জিলাত।জানিব পৰা মতে দীৰ্ঘদিন ধৰি ভুৱা শিক্ষাগত প্ৰমাণ পত্ৰ ,জাল মাৰ্ক চিট প্ৰস্তুত কৰি শিক্ষা জগত খন কলুষিত কৰি এক ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল বিনয় চলিহাই। চলিহাই সমগ্ৰ মৰিগাঁও জিলাতে বিয়পাই দিছে এই দুই নম্বৰী মাৰ্কছিট, চাৰ্টিফিকেট।

মেট্ৰিকত দুই তিনিবাৰ, চাৰিবাৰ ফেইল কৰা শ শ ছাত্ৰ ছাত্ৰীক ধনৰ বিনিময়ত নিজৰ ঘৰত আৰু গুৱাহাটীৰ নাৰেংগীত এখন স্কুলত প্ৰস্তুত কৰি, ছিল চহি মাৰি দিল্লী,নাগালেণ্ড, উত্তৰ প্ৰদেশৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা প্ৰমাণ পত্ৰ যোগান ধৰি আহিছে।আনকি উচ্চতৰ মাধ্যমিক ,স্নাতক ফেইল ছাত্ৰ ছাত্ৰীক একেই পদ্ধতিৰে বহি ৰাজ্যৰ কোনোবা শিক্ষানুষ্ঠানৰ নাম দি ভুৱা প্ৰমাণ পত্ৰ যোগান ধৰি চাকৰি কৰাৰ পথ পৰ্যন্ত উলিয়াই দিছে। এনে নীতি বিৰুদ্ধ কাম কাজে শৈক্ষিক জগত খন কলুষিত কৰাই নহয় সামাজিক পৰিবেশ দূষিত কৰি পেলাইছে।

তদুপৰি বিগত বৰ্ষত লাখ লাখ টকাৰ বিনিময়ত নিশাৰ ভিতৰতে বি এড পাছ প্ৰমাণ পত্ৰ যোগান ধৰা বুলিও খবৰ ওলাইছে।মৰিগাঁও আৰক্ষী অধীক্ষক ডঃ নন্দ সিং বৰকলাৰ নেতৃত্বত অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু মায়ং আৰক্ষীয়ে চলোৱা জেৰাত বহু বিস্ফোৰক তথ্য ইতিমধ্যে ওলাই পৰিছে।আৰু ওলোৱাৰ সম্ভাৱনা আছে।ইতিমধ্যে বহু লোকে বিনয় চলিহা ক কৰায়ত্ত কৰা খৱৰ পাই স্বস্তিৰ নিশ্বাস পেলাইছে।মৰিগাঁও সদৰ,মৈৰাবাৰী,লাহৰী ঘাট,জাগীৰোড, আম্লিঘাট, পকৰীয়া মৌজা,গুৱাহাটীকে ধৰি বিভিন্ন ঠাইৰ বহু লোকক এইদৰে ধনৰ বিনিময়ত দুপ্লিকেত প্ৰমাণ পত্ৰ যোগান ধৰা বুলি জানিব পৰা গৈছে।

বিনয় চলিহাৰ কুকীৰ্তি সমূহ খুব কম সময়ৰ ভিতৰতে ৰাইজৰ সন্মুখত ওলাই পৰিব।নিজৰ ঘৰতে নাৰ্ছিং পাঠ্যক্ৰম ,সাংবাদিকতা পাঠ্যক্ৰমকে ধৰি বহু কেইটা বিভাগৰ পাঠ্যক্ৰম চলাই আছে সম্পূৰ্ণ বে আইনী ভাবে।চলিহাৰ বাসভৱনত তন্ন তন্ন কৈ অভিযান চলাইছে ,তাৰ পৰা যথেষ্ট তথ্য পাতি জব্দ কৰি পৰীক্ষা নিৰীক্ষা কৰি আছে আৰক্ষীয়ে।

চলিহাৰ লগত আছে গুৱাহাটীৰ এটা শক্তিশালী দুষ্ট চক্ৰ জড়িত থকা বুলিও জানিব পৰা গৈছে।যাৰ কাৰণে মৰিগাঁও আৰক্ষীয়ে কালি নিশা গুৱাহাটীৰ নাৰেংগীত থকা শৰ্মা নামৰ এজন লোকৰ ঘৰ আৰু শিক্ষানুষ্ঠান ত অভিযান চলাইছিল যদিও বিচাৰি পোৱা নাই লোক জনক।

বৃহৎ ছিণ্ডিকেট চলাই আছে শিক্ষাৰ দৰে এটা গুৰুত্বপূৰ্ণ বিষয়ত এই সকল লোকে।জধে মধে এম এ পাছ, বি পাছ,মেট্ৰিক পাছ,মেডিকেল কলেজ উত্তীৰ্ণ, নাৰ্ছিং পাছৰ দৰে অনেক দুই নম্বৰী চাৰ্টিফিকেট যোগান ধৰা কাৰবাৰ বন্ধ হোৱাটো বিচাৰিছে সচেতন ৰাইজে।

মায়ঙত বহু প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ হাতত আছে চলিহাই যোগান ধৰা প্ৰমাণ পত্ৰ।কম্পমান হৈ পৰিছে বহু লোক। বহুতকে ভুৱা ডক্টৰেট ডিগ্ৰীও প্ৰদান কৰিছে বুলি জানিব পৰা গৈছে।।দৰং জিলাৰ পৰা আহি মায়ঙত থিতাপি লৈ শিক্ষাৰ নামত ব্যৱসায় কৰি আহিছে বিনয় চলিহাই।

বহু ৰাজনৈতিক দলৰ লোকে বিনয় চলিহা কোম্পানীৰ পৰা দুপ্লিকেত চাৰ্টিফিকেট সংগ্ৰহ কৰি যোৱা পঞ্চায়ত নিৰ্বাচন ত সভাপতি, কাউঞ্চিলৰ হোৱাৰ খৱৰো আহি পৰিছে।আৰক্ষী আৰু "ছেবা" তথা গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই অতি গুৰুত্ব সহকাৰে তদন্ত প্ৰক্ৰিয়া সঠিক ভাবে আগুৱাই নি পুলিয়ে পোখাই উৎখাত কৰিব লাগে বুলি শিক্ষা সচেতন ৰাইজে সজোৰে দাবী জনাইছে।কাৰণ সমগ্ৰ শিক্ষা ব্যৱস্থা টোক কলুষিত কৰিছে।

মায়ং আৰক্ষীয়ে অধিক তথ্য উদ্ঘাটন ৰ বাবে মৰিগাঁও আদালতৰ পৰা দুদিনৰ জিম্মাত লৈছেল যদিও আজি গ্ৰেপ্তাৰ হৈ থকা বিনয় চলিহাক মায়ং আৰক্ষীয়ে জেললৈ প্ৰেৰণ কৰে।উল্লেখযোগ্য যে এজন যুৱকৰ এজাহাৰ ৰ ভিত্তিত মায়ং থানাত এই সন্দৰ্ভত 34/2021 নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ 420/406/468/471 ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে আৰু কেইবা জনৰো সাক্ষী গ্ৰহণ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in