তেওঁৱো এগৰাকী মাতৃ, কিন্তু কোটাৰ সেইসকল মাতৃৰ চকুপানী মচাটো তেওঁ প্ৰয়োজন বুলি নাভাৱেঃ প্ৰিয়ংকা গান্ধীক আক্ৰমণ মায়াৱতীৰ

তেওঁৱো এগৰাকী মাতৃ, কিন্তু কোটাৰ সেইসকল মাতৃৰ চকুপানী মচাটো তেওঁ প্ৰয়োজন বুলি নাভাৱেঃ প্ৰিয়ংকা গান্ধীক আক্ৰমণ মায়াৱতীৰ

ডিজিটেল ডেস্কঃ ৰাজস্থানৰ কোটাৰ জে কে ল'ন হাস্পতালত বিগত এটা মাহতে শতাধিক নৱজাতকৰ মৃত্যু ঘটিছে। কোটাত নৱজাতকৰ মৃত্যুৰ ঘটনাই দেশজুৰি প্ৰতিক্ৰিয়া সৃষ্টি কৰিলেও এই ঘটনাক লৈ এতিয়ালৈকে প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। আনকি ৰাজস্থানত কংগ্ৰেছৰ এক অনুষ্ঠান সম্বোধন কৰাৰ পিছতো তেওঁ কোটাৰ হাস্পতাললৈ এবাৰ নগ'ল।

যাৰ বাবে এইবাৰ প্ৰিয়ংকা গান্ধীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে বহুজন সমাজ পাৰ্টীৰ অধ্যক্ষা মায়াৱতীয়ে। প্ৰিয়ংকা গান্ধীৰ নাম উল্লেখ নকৰাকৈ মায়াৱতীয়ে কৰা এটা টুইটত লিখিছে, 'কংগ্ৰেছৰ এইগৰাকী নেত্ৰীয়ে প্ৰতিদিনেই উত্তৰ প্ৰদেশত সংঘটিত হোৱা ঘটনাক লৈ ঘৰিয়ালৰ চকুপানী টুকিবলৈ যায়। পিছে কোটাৰ সেইসকল মাতৃৰ চকুপানী মচাটো তেওঁ প্ৰয়োজন বুলি নাভাৱিলে, যিসকলে তেওঁলোকৰ সন্তান হেৰুৱাইছে। কিন্তু মনত ৰখা উচিত, তেওঁৱো এগৰাকী মাতৃ।

উল্লেখ্য যে, বিএছপিৰ প্ৰধান মায়াৱতীয়ে বিগত কিছুদিন ধৰি প্ৰায়ে কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লোৱা দেখা গৈছে। কংগ্ৰেছে ঘৃণাৰ ৰাজনীতি কৰি নিজৰ মানদণ্ড নিম্ন কৰি পেলোৱা বুলিও মন্তব্য কৰি আহিছে মায়াৱতীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in