মায়ঙৰ বুৰাবুৰীত উৰুকাৰ আগদিনাই বিক্ৰী হ’ল প্ৰায় ৭০ লাখ টকাৰ মাছ…

মায়ঙৰ বুৰাবুৰীত উৰুকাৰ আগদিনাই বিক্ৰী হ’ল প্ৰায় ৭০ লাখ টকাৰ মাছ…

ডিজিটেল সংবাদ, মায়ংঃ মায়ঙৰ এখন বিখ্যাত মাছৰ বজাৰে প্ৰতি বছৰে বিশেষ গুৰুত্ব লাভ কৰি আহিছে। উৰুকাৰ এদিন আগতেই বহা এই বজাৰখনে সেয়ে হাজাৰ হাজাৰ লোকৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে। যোৱা নিশা ১১ বজালৈ প্ৰায় ৭০ লাখ টকাৰ মাছ বিক্ৰী হয় বজাৰ খনত। সন্ধিয়াৰ পৰা আৰম্ভ হোৱা বজাৰ খন এইবাৰ নিশা ১১ বজাত সামৰণি পৰে কোভিড প্রট'কলৰ বাবে। উল্লেখযোগ্য যে অসমৰ ভিতৰতে এখন ডাঙৰ মাছৰ বজাৰ বুলি জনাজাত বুৰাবুৰী। গুৱাহাটী, মৰিগাঁও, জাগীৰোড, চন্দ্ৰপুৰ, মায়ং আদি ভিন্ন ঠাইৰ পৰা উৰুকাৰ নিশা পছন্দৰ মাছটোৰ এসাজ খোৱাৰ হেঁপাহ লৈ আহে এই খন বজাৰলৈ গ্ৰাহক মাছ ক্ৰয় কৰিবলৈ।

মাছৰ উভৈনদী হৈ পৰে বজাৰ খনত।বুৰা বুৰী হাই স্কুল খেল পথাৰত পেণ্ডেল সাজি অনুষ্ঠিত কৰে প্ৰতি বছৰে এই বৃহৎ বজাৰ খন ।পথৰ ওপৰত দুই কাষে শাৰী শাৰী গাড়ী।মাছৰ বজাৰ খনৰ কাষে কাষে চাহ তামোলৰ অৰ্ধশতাধিক হোটেল।এখন যেন মাছৰ মেলা হে অনুষ্ঠিত হৈছে তেনে পৰিবেশ বিৰাজ কৰে। লোকেল মাছৰ বাবে বিখ্যাত যদিও বহু খিনি মাছ পুখুৰীৰ পৰাও আহে।কোভিড প্রটুকুল ৰ বাবে অৱশ্যে এইবাৰ গ্ৰাহক কিছু কমিছে যদিও নিশা ১১ টা লৈ প্ৰায় ৭০ লাখ টকাৰ ব্যৱসায় হোৱা বুলি জানিব পৰা গৈছে। কাৰণ বজাৰ খনত পাইকাৰী ব্যৱসায়ীৰ আছে ১০ খন দোকান।

সৰু সৰু দোকান আছে প্ৰায় ৪০ খন। প্ৰতি খন পাইকাৰী দোকানত মাছ বিক্ৰীৰ বাবে উঠোৱা হয় ৫ লাখ কৈ টকাৰ। দুই এখনত অলপ বেছি।উল্লেখযোগ্য যে এই বজাৰ খনত চালানি মাছ বিক্ৰী কৰাত নিষেধাজ্ঞা আছে।চালানি মাছ বিক্ৰী কৰিলে ৫০ হাজাৰ টকাৰ জৰিমনা ভৰিব লাগিব।এই সিদ্ধান্ত পিছে কোনো চৰকাৰী বিষয়াই লোৱা সিদ্ধান্ত নহয়, স্থানীয় ব্যৱসায়ী সকলে নিজেই এই কঠোৰ সিদ্ধান্ত লৈ থৈছে আগৰে পৰাই।কাৰণ কোনো গ্ৰাহকে যাতে ঠগ খাব নালাগে।সেয়ে হয়তো মাছৰ বজাৰ খনত প্ৰতি বছৰে বহু লোকৰ সমাগম হয়।

বিৰ দি বাট নোপোৱা এটা অৱস্থা হয়।৭ বছৰ মান আগলৈকে এই বজাৰ খন বজাৰৰ মাজতে ৰাজ পথত চলিছিল, পিছে গ্ৰাহকৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি ব্যৱসায়ী সকলে খেল পথাৰলৈ নিবলৈ বাধ্য হল।প্ৰায় ২০ বছৰ ধৰি অনুষ্ঠিত হৈ আহিছে এই বজাৰ খন।বজাৰ খনলৈ জিলা খনৰ চাৰন বিল, হাৰিয়া,শিতলী,চলিহা,পকৰিয়া, উদৰী,কাছধৰা,কলং,কঁপিলী, গৰঙা,দৈপৰা, মনহা,নন্দনী কাৰমাৰি বিলকে ধৰি ,ব্ৰহ্মপুত্ৰৰ পৰাও আহে অজস্ৰ মাছ। কেৱল বিল খালৰ মাছেই নহয়,জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা মীন পালক সকলেও অধিক দাম পোৱাৰ আশাৰে বুৰাবুৰী বজাৰলৈ লৈ আহে মাছ বিক্রী কৰিবলৈ।

লোকেল মাছৰ বাবে বিখ্যাত বজাৰ খনত ক্রেতা ৰ সমান্তৰাল কৈ মাছ চাবলৈও ভিৰ কৰে হাজাৰ হাজাৰ লোকে।নিজৰ মন পছন্দৰ মাছ টো ক্ৰয় কৰিবলৈ ভিৰ কৰে। ৰৌ,বৰালী,ভকুৱা,চিতল,আৰি মাছেৰে উভৈনদী। অৱশ্যে এইবাৰ গ্ৰাহক কিছু কমিছে যদিও বৰ্তমান লৈ ৭০ লাখ টকাৰ ব্যৱসায় হোৱা বুলি জানিব পৰা গৈছে।এই বজাৰ খনে বিগত বহু বছৰ ধৰি সমন্বয় আৰু সম্প্ৰীতিৰো অন্য এক নিদৰ্শন দাঙি ধৰি আহিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in