শেহতীয়া খবৰ
ঢকুৱাখনাৰ লেচেৰা পথাৰত নৌ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা ৬ শিক্ষাৰ্থীৰ...  •  'গাধৰ দৰে কাম কৰিছে APCC য়ে'- সভাপতিৰ ঘোষণাৰ পিছতে বিস্ফোৰণ প্ৰাক্তন মন্ত্ৰী নীলমণিৰ  •  পুত্ৰৰ প্ৰহাৰত প্ৰাণ গ'ল ৯০ বছৰীয়া পিতৃৰ...  •  ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক গোপাল চন্দ্র মালাকাৰক গ্রেপ্তাৰ...  •  সময়মতে মথাউৰি নিৰ্মাণ নকৰাৰ বাবেই ভয়াৱহ ৰূপ ধাৰণ কৰিছে বান পানীয়ে- ৰিপুন বৰা...  •  প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাক বহিষ্কাৰ...  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...

৪ লাখ টকা ধনৰাশিৰ ‘মায়াবন সাহিত্য বঁটা’…

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসমৰ সাহিত্য জগতত এক নতুন পদক্ষেপ। ৪ লাখ টকা ধনৰাশিৰ ‘মায়াবন সাহিত্য বঁটা’ প্ৰদান কৰিব বুলি ঘোষণা কৰিছে মায়াবন পৰিয়ালে। প্ৰসিদ্ধ সাহিত্যিক ৰীতা চৌধুৰীৰ জ্যেষ্ঠ ভগ্নী ৰূপা চৌধুৰীৰ স্মৃতিত প্ৰৱৰ্তিত এই বঁটা অহা বছৰ মাৰ্ঘেৰিটাত আয়োজন কৰিবলৈ লোৱা মায়াবন উৎসৱত প্ৰদান কৰা হ’ব। বঁটাত থাকিব এখন স্মাৰক, মানপত্ৰ, কিছু উপহাৰ আৰু ৪ লাখ টকা।

মায়াবনৰ বিভিন্ন আৰু বিস্তৃত কৰ্মসূচীৰ লগতে সাহিত্য উৎসল আৰু কেইবাটাও গুৰুত্বপূৰ্ণ বৌদ্ধিক প্ৰকল্প ৰূপায়নত অগ্ৰসৰ হৈছে মায়াবন পৰিয়াল। তাৰ ভিতৰত, অসমৰ বিভিন্ন ঠাইৰ নামৰ ইতিহাস প্ৰকল্পই ইতিমধ্যে কিতাপৰ ৰূপ পাবলৈ আৰম্ভ কৰিছে। একোখন ঠাইৰ লগত জড়িত চিত্তাকৰ্ষক তথ্য, পৌৰাণিক কথা, লিখিত বা অলিখিত ইতিহাস আৰু জনশ্ৰুতি সন্নিবিষ্ট কৰি এই বছৰৰ শেষৰ ফালে এটা খণ্ড প্ৰকাশৰ সম্ভাৱনা আছে।

অসমৰ বিভিন্ন ঠাইত বাস কৰা আগ্ৰহীসকলক নিজৰ নিজৰ ঠাইৰ ইতিহাস সম্পৰ্কীয় তথ্য জনাই সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনোৱা হৈছে। এই বিশাল কৰ্মযজ্ঞত অংশ লোৱা প্ৰতিজনৰ নাম আৰু তথ্যৰ উৎস কৃতজ্ঞতাৰে লিপিবদ্ধ কৰা হ’ব। খামৰ ওপৰত স্পষ্টকৈ ‘মায়াবন (নামৰ উৎসঃ প্ৰকল্প)’ বুলি লিখি সংলগ্ন ঠিকনালৈ তথ্য প্ৰেৰণ কৰিব লাগিব।