পবিতৰাত অঘটন,হাতীৰ আক্ৰমনত নিহত মাউত…

পবিতৰাত অঘটন,হাতীৰ আক্ৰমনত নিহত মাউত…

ডিজিটেল সংবাদ,মায়ং : পবিতৰা অভয়াৰণ্যত বিহুৰ আনন্দৰ মাজতে এক কৰুণ ঘটনা সংঘটিত হয়।বন বিভাগৰ এটা হাতীৰ আক্ৰমণত এজন হাতী মাউতৰ থিতাতে মৃত্যু হয় ।মৃত মাউত জনৰ নাম ৰাজু দাস।পবিতৰাৰ মাষ্টাৰ ৰোল কৰ্মচাৰী আছিল ৰাজু দাস।হাতী কেম্পৰ কাষতে কিছু সময় পূৰ্বে সংঘটিত হয় এই ঘটনা টো।

পবিতৰাৰ বিক্ৰম নামৰ হাতী টোৱে শিকলি ছিগি গৈ গুৰুতৰ ভাবে আক্ৰমণ কৰে ২৬ বছৰীয়া ৰাজু দাসক।ৰাজু আছিল পুলপুলি নামৰ সৰু হাতী টোৰ মাউত।ইতিমধ্যে হুৱাদুৱা লাগিছে বন বিভাগৰ কৰ্মচাৰী সকলৰ মাজত।মায়ং থানা ৰ আৰক্ষী গৈ উপস্থিত হৈছে পবিতৰাত।ৰাজুৰ ইতিমধ্যে মৃত্যু হোৱা বুলি খৱৰ পোৱা গৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in