শেহতীয়া খবৰ
গণনিগ্ৰহ প্ৰতিৰোধ  •  গণনিগ্ৰহ প্ৰতিৰোধ  •  আন্তঃৰাষ্ট্ৰীয় কংফু গেম ২০২১ত সোণৰ পদক অৰ্জন বকোৰ বিতোপন বড়োৰ...  •  নগাওঁ আৰক্ষীৰ অভিযানঃ বুজন পৰিমানৰ ড্ৰাগছ উদ্ধাৰ, দুগৰাকী মহিলাসহ তিনিজন আৰক্ষীৰ জালত...  •  অসমত পুনৰ ১২৪জন কোৰোনাত আক্ৰান্তঃ পজিটিভিটী হাৰ ০.৪৪ শতাংশ, ৩ জনে হেৰুৱাইছে প্ৰাণ...  •  বকোত ছমৰীয়া শাখা ছাত্ৰ সন্থাৰ উদ্যোগত ছাত্ৰ নেতা অনিমেষ ভূঞাৰ আত্মাৰ চিৰশান্তিৰ বাবে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান...  •  ইন্দ্ৰধনুষ গেছ গ্ৰীড লিমিটেডৰ বিৰুদ্ধে অবৈধভাৱে ভূমি অধিগ্ৰহণৰ অভিযোগ জীপাল কৃষক শ্ৰমিক সংঘৰ, উপায়ুক্তলৈ প্ৰেৰণ স্মাৰকপত্ৰ...  •  গোৱালপাৰাত দুখন বাহনৰ মুখামুখি সংঘৰ্ষ, নিহত ৫জন লোক...  •  বোকাখাতত ডাম্পাৰৰ খুন্দাত প্ৰাণ হেৰুৱালে মহিলাই...  •  ভাৰতীয় ৰে’লৱে মাল গুদাম শ্ৰমিক সংঘৰ ধেমাজি জিলা গোট চিতৰ উদ্যোগত ৰে’লৱে শ্ৰমিকৰ ই-শ্ৰম পঞ্জীয়নৰ...

কিদৰে কৰিব মেট্ৰিক পৰীক্ষাৰ অনলাইন ফৰ্ম ফিল-আপ, কোন কোন শিক্ষাৰ্থীয়ে পাব মাচুল ৰেহাই? চাওক এই খবৰ…

ডিজিটেল ডেস্কঃ অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাই ঘোষণা কৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণ দিন। ছেবাই জাৰি কৰা জাননী অনুসৰি আগন্তুক ২৫ নৱেম্বৰৰ পৰা ১৮ ডিচেম্বৰৰ ভিতৰত শিক্ষাৰ্থীসকেল অনলাইন মাধ্যমত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব।

অনলাইন মাধ্যমত প্ৰ-পত্ৰ পূৰণৰ বাবে ছেবাই মুকলি কৰিছে এটা পৰীক্ষা প’ৰ্টেল। সেই অনুসৰি ছেবাৰ Sebaregitration.in প’ৰ্টেলৰ জৰিয়তে শিক্ষাৰ্থীসকলে প্ৰ-পত্ৰ পূৰণ কৰিব পাৰিব। ইফালে ছেবাই জাৰি কৰা অধিসূচনা অনুসৰি যিসকল শিক্ষাৰ্থীয়ে ছয়মাহিি পৰীক্ষাত অৱতীৰ্ণ হোৱা নাছিল সেইসকল শিক্ষাৰ্থীয়ে প্ৰ-পত্ৰ পূৰণ কৰিব নোৱাৰিব।

অধিসূচনা অনুসৰি প্ৰ-পত্ৰ পূৰণৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাৰ মাচুল ৬৫০ টকা, পৰীক্ষা কেন্দ্ৰৰ মাচুল ৩০০ টকা, প্ৰেক্টিকেল পৰীক্ষাৰ মাচুল ১৫০ টকা আদায় দিব লাগিব। আনহাতে প্ৰতিখন শিক্ষানুষ্ঠানে আদায় দিবলগীয়া বাৰ্ষিক মাচুল হ’ল ৮০০ টকা।

অৱশ্যে দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এই মাচুল ৰেহাই দিয়া হৈছে। যিসকল ছাত্ৰ-ছাত্ৰীৰ পৰিয়ালৰ বাৰ্ষিক আয় ২ লাখ টকাতকৈ কম সেই ছাত্ৰ-ছাত্ৰীয়ে এই মাচুল পৰিশোধ কৰিব নালাগে। অৱশ্যে এইসকল ছাত্ৰ-ছাত্ৰীয়ে নৱম শ্ৰেণীত ৰোপণ কৰা গছৰ পুলিৰ ফটো আপলোড কৰিব লাগিব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি