মহাজোঁটৰ সিদ্ধান্ত মানি ল’ব কংগ্ৰেছৰ বিধায়ক ড০ মতিউৰ ৰহমান মণ্ডলে…

মহাজোঁটৰ সিদ্ধান্ত মানি ল’ব কংগ্ৰেছৰ বিধায়ক ড০ মতিউৰ ৰহমান মণ্ডলে…
  • মহাজোঁট বন্ধনৰ সিদ্ধান্ত মানি লব বুলি সংবাদমেলত মন্তব্য কংগ্ৰেছৰ বিধায়ক ড০ মতিউৰ ৰহমান মণ্ডলৰ
  • মহাজোট বন্ধনৰ পৰা বিধায়ক গৰাকীক টিকট বঞ্চিত কৰি মানকাচৰ আসন এআইইউডিএফৰ আমিনুল ইছলামক দিয়া হৈছে
  • আমিনুল ইছলাম এআইইউডিএফৰ দলৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ।
  • আমিনুল ইছলামৰ বাবে দলৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমল ৩২ খন আসনৰ পৰা ১৮ খন আসনতে ক্ষান্ত থাকি মহাজোট বন্ধনক সমৰ্থন কৰিছে
  • শুকুৰবাৰে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ ।
  • বৰ্তমানেও বিধায়ক গৰাকী আশাবাদী কংগ্ৰেছে মানকাচৰ সমষ্টিত তেওঁক টিকট দি এআইইউডিএফৰৰ লগত বন্ধুত্ব মূলক প্ৰতিদ্বন্দিতা কৰিব ।
  • অবশ্যে টিকট দিয়াৰ সুযোগ আৰু নাই বুলিও স্বীকাৰ কৰি বিধায়ক গৰাকী কয় কংগ্ৰেছ হাই কমাণ্ডে যিটো নিৰ্দেশ দিব তেওঁ সেয়া মানি লব ।
  • মহাজোট বন্ধনৰ সিদ্ধান্ত বিজেপিক অসমৰ পৰা উৎখাত কৰিব লাগে এই মন্তব্য বিধায়ক গৰাকীৰ ।
  • বিজেপি উৎখাতৰ স্বাৰ্থত তেওঁ এআইইউডিএফৰ প্ৰাৰ্থী গৰাকীক সহায় কৰিব, তেওঁৰ হৈ বিধায়ক জনে প্ৰচাৰও কৰিব ।
  • বিধায়ক গৰাকী টিকট বঞ্চিত হোৱাৰ পাছত এইদৰে সংবাদ মেলত সকলো কথা স্পষ্ট কৰে ।
  • কংগ্ৰেছৰ কোনো কৰ্মী এআইইউডিএফৰ ত যোগদান কৰিব নালাগে, মহাজোঁটৰ পৰা যাক টিকট দিয়া হৈছে তাক অকল জয়যুক্ত কৰিব লাগে বুলিও বিধায়ক গৰাকীয়ে মন্তব্য কৰে।
  • লক্ষণীয় বিষয় এয়া যে মানকাচৰত কংগ্ৰেছক টিকটৰ পৰা বঞ্চিত কৰাৰ পাছত ইতিমধ্যে কংগ্ৰেছ কৰ্মী সকলে অগপ আৰু এআইইউডিএফত যোগদান কৰিছে ।
  • এই ক্ষেত্ৰত বিধায়ক গৰাকী কংগ্ৰেছ কৰ্মী সকলক কেনেকৈ ধৰি ৰাখিব পাৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in