নৱবৰ্ষ প্ৰাকমুহূৰ্তত মথুৰাপুৰত চ’ছিয়েল ৱেলফেয়াৰ গ্ৰুপ’ৰ ব্যতিক্ৰমী পদক্ষেপ : বয়োজ্যেষ্ঠ আশ্ৰমত আনন্দৰ এসাঁজ,গৰম বস্ত্ৰ বিতৰণ…

নৱবৰ্ষ প্ৰাকমুহূৰ্তত মথুৰাপুৰত চ’ছিয়েল ৱেলফেয়াৰ গ্ৰুপ’ৰ ব্যতিক্ৰমী পদক্ষেপ : বয়োজ্যেষ্ঠ আশ্ৰমত আনন্দৰ এসাঁজ,গৰম বস্ত্ৰ বিতৰণ…

ডিজিটেল সংবাদ,মথুৰাপুৰ : ৰাজ্যৰ চৌদিশে ইংৰাজী নৱবৰ্ষৰ উৎসাহ-উদ্দীপনাৰ জোৱাৰ উঠাৰ সময়তে বছৰৰ অন্তিম দিনটোৰ সন্ধিয়া চৰাইদেউ জিলাৰ মথুৰাপুৰৰ এটা স্বেচ্ছাসেৱী সংগঠনে ব্যতিক্ৰমী চিন্তা- চৰ্চাৰে এক বিশেষ অনুষ্ঠান আয়োজন কৰে ৷ নবৰ্ষৰ প্ৰাকমুহূৰ্তত স্বেচ্ছাসেৱী সংগঠনটোৱে সমাজত নিস্পেষিত পুত্ৰ- কন্যাৰ পৰা লাঞ্ছিত হোৱা ককা-আইতা সকলৰ মুখত হাঁহি বিৰিঙি উঠাৰ উদ্দেশ্যৰে আনন্দৰ এসাঁজ আৰু গৰম বস্ত্ৰ বিতৰণ শীৰ্ষক এক কাৰ্যসূচী ৰূপায়ণ কৰে ৷

বছৰৰ অন্তিমটো দিন উপলক্ষত স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে বয়োজ্যেষ্ঠ আশ্ৰমখনত থকা ককা আইতাসকলৰ সৈতে মিলিজুলি আনন্দৰে এসাঁজ খোৱাৰ লগতে আশ্ৰমখনত থকা আবাসী সকলৰ মাজত গৰম বস্ত্ৰ বিতৰণ কৰে। স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে লোৱা আজিৰ এই ব্যতিক্ৰমী কাৰ্যসূচীৰ প্ৰতি সহাৰি জনাই মথুৰাপুৰ অঞ্চলৰ উদীয়মান যুৱক তথা ক্ষুদ্ৰ চাহ ব্যৱসায়ী চন্দন ৰাজকোঁৱৰে আশ্ৰমখনৰ প্ৰতিগৰাকী আবাসীক একোখনকৈ কম্বল বিতৰণ কৰে।

উল্লেখযোগ্য যে পৰিয়াল পৰিজনৰ পৰা আঁতৰি থকা আশ্ৰমখনৰ আবাসী সকলক মনোৰঞ্জন দিয়াৰ উপলক্ষত শিক্ষক জুৱেদ আলিয়ে আহাৰ গ্ৰহণৰ পূৰ্বে দুৰদৰ্শনৰ জনপ্ৰিয় ধাৰাবাহিক' মহাভাৰত' এটা প্ৰজেক্টৰ মেছিনৰ সহায়ত ককা আইতা সকলক উপভোগ কৰিবলৈ প্ৰদৰ্শনৰ ব্যৱস্থা কৰি দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in